Local, Vocal, Global

অভাৱনীয় : এইখন অসমতে পিতৃৰ হাতত প্ৰাণ গ’ল ১০ মহীয়া পুত্ৰৰ

নিউজ ডেস্ক, ৮ ছেপ্তেম্বৰ : বিশ্বনাথৰ চতিয়াৰ দিকৰাই চাহ বাগিচাত সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডই আজি জোকাৰি গ’ল সমগ্ৰ চতিয়া৷ ইটাখোলাৰ হাটিঙাৰ মুকেশ গড় নামৰ লোকজনে নিজ পত্নী ৰঞ্জনা চাওৰা আৰু ১০ মহীয়া কন্যা সন্তানক আজি পুৱাৰ ভাগত চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে৷

মুকেশৰ আক্ৰমণত থিতাতে মৃত্যু হয়  ১০ মহীয়া কন্যা শিশুটোৰ ৷ ইপিনে আক্ৰমণত গুৰুত্বৰ ভাৱে আহত পত্নী ৰঞ্জনাক সংকট জনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ 

এই হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে মুকেশৰ শহুৰেকৰ ঘৰত ৷ মাতৃ গৃহলৈ যোৱা ৰঞ্জনাক ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহন কৰি আক্ৰমণ কৰিলে স্বামী মুকেশে৷ ঘটনা সংঘটিত হোৱাৰ সময়ত মুকেশৰ শহুৰ আৰু শাহু  আছিল বাগিছাৰ কামত ব্যস্ত৷

দুপৰীয়া শহুৰ-শাহু ঘৰলৈ অহাৰ পিছতহে পোহৰলৈ আহে ঘটনাটো৷ পিছত ততাতৈয়াকৈ দুয়োকে দিকৰাই চাহ বাগিছাৰ চিকিৎসালয়লৈ অনা হয় যদিওঁ চিকিৎসকে ১০মহীয়া কন্যা সন্তান সোনাৰিকা গড়ক মৃত বুলি ঘোষণা কৰাৰ লগতে গুৰুত্বৰ ভাৱে আহত পত্নী ৰঞ্জনাক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে৷

ঘৰত কোনো নথকাৰ বাবেই ঘটনাটো কেনেদৰে আৰু কি কাৰণত সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ ইতিমধ্যে ঘটনা সংঘটিত কৰি পলায়ন কৰা মুকেশক বিচাৰি ইটাখোলা আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে৷ মুকেশক কৰায়ক্ত কৰাৰ পিছত হে স্পষ্ট হব ঘটনাৰ কাৰন কি ?