বেজেৰাত প্ৰত্যুষৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিৱিৰ সম্পন্ন
নিউজ ডেস্ক, ৮ ছেপ্তেম্বৰ : কামৰূপ জিলাৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ‘প্ৰত্যুষ’ৰ উদ্যোগত আজি ৩৭ তম নেত্ৰদান পষেক উপলক্ষে এটি বিনামূলীয়া চকু চিকিৎসা শিৱিৰ অনুষ্ঠিত হৈ যায় ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেত্ৰালয় বিভাগৰ সৌজ্যন্যত বেজেৰা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত চকু চিকিৎসা শিৱিৰটোৰ সামান্তৰালভাৱে নেত্ৰদান আৰু চকু চিকিৎসা সম্বন্ধীয় এখনি সজাগতামূলক সভাও অনুষ্ঠিত হয় ৷
প্ৰত্যুষৰ সভাপতি সমাজকৰ্মী বলোৰাম বৰুৱা আৰু সম্পাদক তপন কাকতিয়ে আঁত ধৰা সজাগতামূলক সভাখনত চকুৰ চিকিৎসা আৰু নেত্ৰদান সম্পৰ্কে ডা: জ্যোতি ভূঞাই বহুমূলীয়া বক্তব্য প্ৰদান কৰে ৷
সজাগতা সভাখনত মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকা, বিজেপি বেজেৰা মণ্ডলৰ সভাপতি দিলিপ ডেকা,প্ৰাক্তন ছাত্ৰনেতা বনজিৎ ডেকা,পংকজ বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি অংশ গ্ৰহণ কৰে ৷ বিনামূলীয়া চিকিৎসা শিৱিৰটো চলি থকা সময়তে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে শিৱিৰটো পৰিদৰ্শন কৰে ৷