Local, Vocal, Global

 চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰিলে এজন ASRF জোৱানে

গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাত অঘটন। চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰিলে থানাখনত নিয়োজিত এজন ASRF জোৱানে। মনোৰঞ্জন সিনহা নামৰ জোৱানজনে পুৱতি নিশা প্ৰায় ৩ বাজি ৫০ মিনিটত আত্মহত্যা কৰে।

মৃত জোৱান মনোৰঞ্জন সিনহাৰ পৰিয়াল গুৱাহাটীত থাকে যদিও প্ৰকৃত ঘৰ কাচাৰ জিলাৰ পাখিবাহা গাঁৱত। ওৰেটো নিশা থানাত কৰ্তব্য পালন কৰি বেৰেকলৈ ওভতি গৈয়েই জোৱানজনে আত্মহত্যাৰ পথ বাচি লয়।

অৱশ্যে কি কাৰনত জোৱান মনোৰঞ্জন সিনহাই আত্মহত্যা কৰিলে সেইকথা এতিয়াও পোহৰলৈ অহা নাই। উল্লেখযোগ্য যে, দ্বিতীয় ASRF বাহিনীৰ জোৱান মনোৰঞ্জন সিনহাই অৱসৰ গ্ৰহণ কৰিব মাজত মাঁথো তিনিটা বছৰ বাকী আছিল।