Local, Vocal, Global

সাংসদ ৰাহুল গান্ধীৰ কাৰ্যালয়ত আক্ৰমণ

নিউজ ডেস্ক, ২৪ জুন : শুক্ৰবাৰে কেৰালাৰ Wayanad ত এটা প্ৰতিবাদকাৰী দলে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ কাৰ্যালয়l আক্ৰমণ কৰি লণ্ডভণ্ড কৰে।

খবৰ অনুসৰি, শাসনাধিষ্ঠিত CPI (M)ৰ ছাত্ৰ শাখা ষ্টুডেণ্টছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ (SFI) এক প্ৰতিবাদী সমদল হিংসাত্মক হৈ পৰে আৰু প্ৰতিবাদকাৰীৰ এটা দলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ কাৰ্যালয়ত প্ৰৱেশ কৰি ইয়াক লণ্ডভণ্ড কৰে।

আৰক্ষীয়ে জানিব দিয়ে যে প্ৰতিবাদী সমদলটোত প্ৰায় ১০০ জন SFI কৰ্মী আছিল আৰু তেওঁলোকে কাৰ্যালয়ত প্ৰৱেশ কৰিছিল। আৰু SFIৰ আঠজন আৰক্ষীৰ জিম্মাত আছে।

Satheesan এ টুইট কৰি কয় যে, “ৱায়ানাডত ৰাহুল গান্ধীৰ এমপি কাৰ্যালয়ত SFIগুণ্ডাৰ ভয়ংকৰ আক্ৰমণ। এইটো অনিয়ম আৰু গুণ্ডাবাদ। CPM এটা সংগঠিত মাফিয়ালৈ পৰিণত হৈছে। এই আক্ৰমণক তীব্ৰ গৰিহণা দিছো।”