Local, Vocal, Global

Kamal Medhi Suspension Case : পুনৰ কমল কুমাৰ মেধিক পদ মৰ্যদা ঘুৰাই দিব লাগিব, আপলৈ আদালৰ নিৰ্দেশ

নিউজ ডেস্ক. ৯ আগষ্ট : আপ নেতা কমল কুমাৰ মেধিৰ নিলম্বনক লৈ আদালতৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ (Kamal Medhi Suspension Case)। আম আদমী পাৰ্টীৰ পৰা কমল কুমাৰ মেধিক নিলম্বনৰ গোচৰ সন্দৰ্ভত স্থিতাৱস্থা বাহালৰ নিৰ্দেশ কামৰূপ মহানগৰ জিলা দেৱানী আদালতৰ ।

উল্লেখ্য যোৱা ৪ জুনত আপৰ পৰা নিলম্বন কৰা হৈছিল দলটোৰ ৰাজ্যিক কমিটিৰ উপ-সভাপতিৰ দায়িত্বত থকা কমল কুমাৰ মেধিক (Raijor Dal Leader Kamal Kumar Medhi) ৷ কমল কুমাৰ মেধিয়ে অভিযোগ কৰিছিল যে, আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ নিদিয়াকৈ তেওঁক ৰাজ্যিক সভাপতি ভৱেন চৌধুৰীয়ে নিলম্বন কৰিছিল ।

কোনো কাৰণ দৰ্শোৱা জাননী নিদিয়াকৈ নিলম্বন কৰা হৈছিল ৰাজ্যিক কমিটীৰ উপ-সভাপতিগৰাকীক ৷ এই নিলম্বনক প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপিছিল কমল কুমাৰ মেধি ৷ কামৰূপ মহানগৰৰ ২ নং দেৱানী আদালতত ৩৬৫/২০২৩ নম্বৰত দাখিল কৰা হৈছিল এটা গোচৰ ৷

এই গোচৰটো সন্দৰ্ভত কামৰূপ মহানগৰ জিলা দেৱানী আদালতে ৮ আগষ্ট মঙলবাৰে গ্ৰহণ কৰে প্ৰথমটো শুনানি ৷ এই শুনানিতে স্থিতাৱস্থা বাহালৰ নিৰ্দেশ দিয়ে আদালতে ৷ শুনানিত কামৰূপ মহানগৰ জিলা দেৱানী আদালতে কমল কুমাৰ মেধিৰ নিলম্বনত স্থিতাৱস্থা বাহালৰ বাবে ৰাজ্যিক আপক নিৰ্দেশ দিয়ে ৷

পৰৱৰ্তী শুনানি নোহোৱা পৰ্যন্ত মেধিৰ পদটোক লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব ৰাজ্যিক আপে ৷ লগতে আপৰ উপ সভাপতি পদৰ নিৰ্বাচনতো স্থগিতাদেশ আদালতৰ ৷ আম আদমী পাৰ্টিৰ অসম প্ৰদেশলৈ জাননী জাৰি কৰি এই স্থগিতাদেশ দিয়ে ৷

আনহাতে এই গোচৰটোৰ পৰৱৰ্তী শুনানিৰ বাবে আদালতে ২৮ আগষ্ট ধাৰ্য কৰা হৈছে ৷

লগতে পঢ়ক : Opposition no-confidence motion in Lok Sabha : মণিপুৰৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ সমালোচনা গৌৰৱ গগৈ