Mohan Yadav to take oath as Madhya Pradesh CM today : আজি মধ্যপ্ৰদেশৰ নতুন চৰকাৰৰ শপতগ্ৰহণ
নিউজ ডেস্ক, ১৩ডিচেম্বৰ : আজি মধ্যপ্ৰদেশত নতুন চৰকাৰৰ শপতগ্ৰহণ। বুধবাৰে মধ্যপ্ৰদেশ নতুন মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ড০ মোহন যাদৱে। দিনৰ ১১.৩০ বজাত ভূপালৰ মতিলাল নেহৰু ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী লগতে বিজেপিৰ আন বহু কেইবাগৰাকী জ্যেষ্ঠ নেতাই ।
উল্লেখ্য যে বহু জল্পনা-কল্পনাৰ অন্ত পেলাই সোমবাৰে সন্ধিয়া ঘোষণা কৰা হৈছিল মধ্যপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম । সোমবাৰে বিয়লি ৪ বজাত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী বাছনি কৰিলে বিধায়িনী দলে (MP CM designate Mohan Yadav to take oath in Bhopal today) ।
মুখ্য মন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছে মোহত যাদৱে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, “মই ৰাইজৰ সেৱাত আছো । প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে আৰম্ভ কৰা উন্নয়নমূলক কামবোৰ মই আগুৱাই লৈ যাম । প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ডাবল ইঞ্জিন চৰকাৰখনৰ কাম-কাজ আমি আগুৱাই লৈ যাম । আমি সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিম ।”অন্যান্য পিছপৰা শ্ৰেণী চমুকৈ OBC সম্প্ৰদায়ৰ নেতাজনে কয় যে তেওঁৰ দৰে সাধাৰণ কৰ্মীক এই বৃহৎ দায়িত্ব দলে প্ৰদান কৰাত তেওঁ ভীষণ সুখী ।”মই এগৰাকী বিজেপি কৰ্মী । বিজেপি দলটোৱে নিজৰ সকলো কৰ্মীৰ যত্ন লোৱাৰ বাবেই ই বিশ্বৰ সৰ্ববৃহৎ দল হৈ পৰিছে । মোৰ দৰে সাধাৰণ কৰ্মীক এই বৃহৎ দায়িত্ব দলটোৱে দিয়াত মই সুখী ।” মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ জয়লাভৰ বাবে মধ্যপ্ৰদেশৰ ভোটাৰসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয় যে, দলৰ উপৰিও সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ নৱ নিযুক্ত মুখ্যমন্ত্ৰীগৰাকীয়ে(Mohan Yadav to take oath as Madhya Pradesh CM today) ৷
প্ৰাপ্ত তথ্য অনুসৰি এইবাৰ বিজেপিয়ে মধ্যপ্ৰদেশত ২৩০ খন বিধানসভা আসনৰ ১৬৩ খন আসনত লাভ কৰিছিল। দলটোৱে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম ঘোষণা নকৰাকৈয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। পাছত বহু বিতৰ্কৰ অন্তত বিজেপিৰ পৰ্যবেক্ষকে নিৰ্বাচন কৰে মুখ্যমন্ত্ৰী।