Local, Vocal, Global

পাঠশালাৰ জ্যোতিনগৰত চাঞ্চল্যকৰ হত্যাকাণ্ড

নিউজ ডেস্ক, ১১ জুন : শুক্ৰবাৰে নিশা পাঠশালাৰ জ্যোতিনগৰত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়।

পত্নীৰ হাতত প্ৰাণ গল স্বামী মৃনাল কলিতাৰ ( ৩৮ )। নিশাই আৰক্ষী অধীক্ষকৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হয়।

পাঠশালা জ্যোতিনগৰ নিবাসী ই ৰিস্কা চালক মৃনাল কলিতাক শুকুবাৰে সন্ধিয়া নিজ বাসভৱনৰ পৰা অচেতন অৱস্থাত পাঠশালা ছহিদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত স্থানীয় কেইজনমান যুৱকে ভৰ্তি কৰায় যদিও চিকিৎসকে মৃনালক মৃত ঘোষণা কৰে।

ইয়াৰ পিছত মৃনালৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত মৃনালৰ পত্নীক নিশা আৰক্ষীয়ে আটক কৰে আৰু ঘটনাস্থলীৰ পৰা বিভিন্ন সামগ্রী জব্দ কৰাৰ উপৰি স্বামী স্ত্রী আৰু ৭ বছৰীয়া কন্যা সন্তান বাস কৰা বাসভৱনটো নিশাই আৰক্ষীয়ে চীল কৰি দিয়ে।

ইপিনে মৃনালৰ শৰীৰৰ ভিন্ন অংশত আঘাতৰ চিন থকা প্ৰত্যক্ষ কৰি মৃনালৰ পৰিয়ালৰ লোকে মৃনালক তেঁওৰ পত্নী পূৰ্ণিমা কলিতাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে।