Local, Vocal, Global

Food Festival at Assam House: নতুন দিল্লীৰ অসম হাউচত তিনিদিনীয়া কাৰ্যসূচীৰে খাদ্য মহোৎসৱ

নতুন দিল্লী, ১৯ আগষ্ট: দেশৰ ৰাজধানী নতুন দিল্লীৰ লোকপ্ৰিয়া গোপীনাথ বৰদলৈ মাৰ্গত অৱস্থিত অসম হাউছ চৌহদত আৰম্ভ হৈছে অসমৰ সুস্বাদু খাদ্য সম্ভাৰৰ প্ৰদৰ্শনৰ তিনিদিনীয়া খাদ্য মহোৎসৱ।
শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱ আছাম হাউছৰ সহযোগত আয়োজন কৰিছে কেন্দ্ৰৰ পৰ্যটন মন্ত্ৰালয় আৰু আৱাসী আয়ুক্তৰ কাৰ্যালয়ে (Food Festival at Assam House) ।

মহোৎসৱখনিত ৰাজ্যৰ হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীৰ প্ৰদৰ্শন ষ্টলৰ উপৰিও অসমীয়া বিভিন্ন সুস্বাদু খাদ্যৰ বহুকেইখন ষ্টল স্থাপন কৰা হৈছে (Food festival showcasing Assams cuisine) ।

এক ভাৰত শ্ৰেষ্ঠ ভাৰত খাদ্য মহোৎসৱ (EK Bharat Shrestha Bharat Food Festival) আৰু আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav)ৰ অংশ হিচাপে কেন্দ্ৰৰ পৰ্যটন মন্ত্ৰালয়ে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অংশীদাৰিত্বৰে এই মহোৎসৱখনিৰ আয়োজন কৰিছে । এই মহোৎসৱৰ লক্ষ্য হৈছে ৰাজ্যসমূহৰ নিৰ্দিষ্ট খাদ্য সম্ভাৰ প্ৰদৰ্শন আৰু এইসমূহ থলুৱা খাদ্যৰ প্ৰতি প্ৰতিটো অঞ্চলত সজাগতা বৃদ্ধিৰ লগতে সম্প্ৰিতিৰ এনাজৰীডাল অধিক কটকটীয়াকৈ মজবুত কৰি গঢ়ি তোলা।

নতুন দিল্লীৰ অসম হাউচত তিনিদিনীয়া কাৰ্যসূচীৰে খাদ্য মহোৎসৱ

দেশৰ বিভিন্ন ৰাজ্যসমূহেও নতুন দিল্লীস্থিত ৰাজ্যিক ভৱন বা ৰাজ্যিক হাউচত অনুষ্ঠিত কৰিছে এই অনুষ্ঠানৰ । বৰ্তমানলৈকে অসম, অন্ধ্ৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, বিহাৰ, উত্তৰাখণ্ড, ওড়িশা, গুজৰাট, মিজোৰাম, পশ্চিম বংগ, পঞ্জাৱ, জম্মু আৰু কাশ্মীৰ, অৰুণাচল প্ৰদেশ, তামিলনাডু, গোৱা, মেঘালয়, কৰ্ণাটক, ছত্তিশগড় আৰু নাগালেণ্ডে ইতিমধ্যে এই অনুষ্ঠানৰ আয়োজন কৰিছে ।

লগতে পঢ়ক: MoU between NHAI and Forest Department: ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু বন বিভাগৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত