Local, Vocal, Global

Mother and Son cry in front of Nagaon SP office: নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত মাতৃ-পুত্ৰৰ কান্দোন

নগাঁও, ৭আগষ্ট : নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উচুপি উচুপি কান্দিছে এগৰাকী মহিলাই । মাতৃ আৰু পুত্ৰই কান্দিছে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত । পত্নীৰ অভিযোগ বিবাহ বিচ্ছেদ নোহোৱাকৈ অন্য মহিলাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে স্বামী । এজন আৰক্ষী জোৱানৰ বিৰুদ্ধে এই অভিযোগ পত্নী আৰু পুত্ৰৰ (Mother and Son are crying in front of the Nagaon Superintendent of Police office) ।

উল্লেখ্য যে, সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ১৯৯২চনতে এই গৰাকী খাকি পোছাক ধাৰী আৰক্ষী জোৱানৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল এই গৰাকী মহিলা। নগাঁৱ জিলাৰ ভেৰভেৰীৰ বাসিন্দা হেম চন্দ্ৰ কোৱৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ভুক্তভোগী মহিলাগৰাকীয়ে। কিন্তু এতিয়াই মহিলা গৰাকী অসহায় হৈ পৰিছে।কিয়নো বিবাহৰ ঠিক কেইবছৰ মানৰ পাছতেই হেম চন্দ্ৰ কোৱৰে সন্তান সহ নিজ পত্নীক এৰি দিলে।

পত্নীৰ অভিযোগ অনুসৰি ,বিবাহ বিচ্ছেদ নোহোৱাকৈ পত্নীক এৰি অন্য মহিলাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় লম্পত আৰক্ষী কনিষ্ঠ বল হেম চন্দ্ৰ কোৱৰ(Mother and Son cry in front of Nagaon SP s office)।

২০১৮ চনতেই আদালতে পত্নীক খোৰাকী দিবলৈ নিৰ্দেশ দিছিল আৰক্ষী কনিষ্ঠ বল হেম চন্দ্ৰ কোৱৰক ।কিন্তু আজিকোপটি নাপালে পত্নী-পুত্ৰই খোৰাকী। উচ্চ ৰক্তচাপ হৈ বহু কেইদিন চিকিৎসালয় বিচনাত পৰি থকাৰ পিছতো খবৰ ল’বলৈ নাহিল লম্পত স্বামী। নিজ পুত্ৰ আৰু কন্যা সন্তানক এৰি থৈ যোৱা এইগৰাকী খাকী পোছাক ধাৰী পিতৃৰ আহৰি নাই সন্তানৰ খবৰ ল’বলৈ। বৰ্তমান কুৰিয়াৰ চাৰ্ভিচট দিন হাজিৰা কৰি কোনোমতে মাতৃৰ চিকিৎসাৰ ব্যয়ৰ লগতে দুবেলা‌ দুমুঠিৰ যোগাৰ কৰি আহিছে দুৰ্ভগীয়া পুত্ৰয়ে। থাকিবলৈ নাই নিজৰ বুলি এটা ঘৰ নথকা । কান্দি কান্দি পুত্ৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমালৈ কাতৰ আহ্বান।

অৱশেষত সোমবাৰে ৰোগীয়া মাতৃক লৈ পুত্ৰ কাষ চাপিল নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত। জনতা হৈ কাম কৰাৰ শপত লৈ এতিয়া নিজ পৰিয়ালকে পথৰ ভিক্ষাৰী বনোৱা এই গৰাকী আৰক্ষী বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰক আহ্বান পুত্ৰৰ । বৰ্তমান লক্ষিপুৰৰ ১৩ APBN কৰ্মৰত হেম চন্দ্ৰ কোঁৱৰৰ বিৰুদ্ধে চৰকাৰ তথা আৰক্ষী উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাঁও আৰক্ষী অধীক্ষক লিখিত আবেদন জনাই পত্নী আৰু পুত্ৰয়ে।

লগতে পঢ়ক :Mother Physically Harassed by Son : মহানগৰীত নিজ জন্মদাত্ৰী মাতৃক খুঁটাত বান্ধি গুৰুলা গুৰুলকৈ প্ৰহাৰ পুত্ৰৰ