Local, Vocal, Global

অবৈধ প্ৰেমৰ পৰিণতিত লজ্জা নিবাৰণৰ বাবে এটি দেৱশিশুক হত্যা

মৰিগাঁওত সংঘটিত হৈছে জঘন্য আৰু অমানবীয় ঘটনা। মৰিগাঁৱত অবৈধ প্ৰেমৰ পৰিণতিত লজ্জা নিবাৰণৰ বাবে এটি দেৱশিশুক হত্যা । জংঘলত পুতি থোৱা অৱস্থাত মৃত-শিশুক উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ । দুজনক আটক , তদন্ত প্ৰক্ৰিয়া অব্যাহত মৰিগাঁও আৰক্ষীৰ ।

মৰিগাঁৱত এটি দেৱশিশুক হত্যা কৰি লজ্জা নিবাৰণৰ বাবে জংঘলত পুতি থোৱা অমানৱীয় ঘটনাই সমগ্ৰ জিলা খনতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে এক ৰহস্যৰো সৃষ্টি হৈছে। মৰিগাঁও চহৰৰ নভেটি ১০ নং ৱাৰ্ডত সংঘটিত হৈছে এই অমানৱীয় জঘন্য কাণ্ড ৷

স্থানীয় লোকৰ অভিযোগ মতে, অঞ্চলটোৰ  বিশ্বাস উপাধিৰ  বিধৱা মহিলা এগৰাকীৰ লগত অজয় কৃষ্ণ বৰদলৈ নামৰ এজন লোকৰ অবৈধ প্ৰেমৰ সম্পৰ্কত এটি শিশুৰ জন্ম হৈছিল। দুয়োৰে অবৈধ প্ৰেমৰ সম্পৰ্কত ভূমিষ্ঠ হোৱা শিশুটিক হত্যা কৰি সমাজৰ আগত লজ্জা নিবাৰণ বাবেই উক্ত মহিলা গৰাকীৰ ঘৰৰ সন্মুখত থকা জংঘলত দেৱশিশুটিক হত্যা কৰি পুতি থৈছিল বুলি অভিযোগ উত্থাপিত হৈছে।

 

আনহাতে  ২৪ ছেপ্টেম্বৰত  দেৱ -শিশুটি অপহৰণ হোৱা বুলি পল্লৱী বিশ্বাসে মৰিগাঁও সদৰ থানাত এক অভিযোগ দাখিল কৰে।

মৰিগাঁও আৰক্ষীয়ে পল্লৱী বিশ্বাসৰ অভিযোগৰ ভিত্তিত চলোৱা তদন্তত চলিত মাহৰ ১৭ তাৰিখে জন্ম হোৱা নৱজাতকটিক অজয় কৃষ্ণ বৰদলৈ নামৰ লোকজনে জন্ম হোৱা দিনটোতেই হত্যা কৰাৰ সন্দেহত মঙলবাৰে  নিশাই  অজয় কৃষ্ণ বৰদলৈক আৰক্ষীয়ে লগত লৈ মৃত নৱজাতকৰ মৃতদেহ গাতৰ পৰা উলিয়াই আনে।

মৰিগাঁও আৰক্ষীয়ে মৃত শিশুটিক উদ্ধাৰ কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ আনহাতে, উক্ত অমানৱীয় ঘটনাৰ সন্দৰ্ভত অজয় কৃষ্ণ বৰদলৈক আৰক্ষীয়ে গ্ৰপ্তাৰ কৰাৰ লগতে উক্ত মহিলা গৰাকীকো মৰিগাঁও আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে৷ মৰিগাঁও আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ প্ৰাথমিক তদন্তত নৱজাতকৰ হত্যাকাৰী জনৰেই সন্তান বুলি মন্তব্যত প্ৰকাশ কৰাৰ লগতে ডিএনএ পৰীক্ষাৰ পিছতহে সকলো তথ্য পোহৰলৈ আহিব বুলি মন্তব্য প্ৰকাশ কৰে লগতে আৰক্ষীৰ জেৰাত অজয় কৃষ্ণ বৰদলৈয়ে দেৱ-শিশুটিক কেনেদৰে হত্যা কৰিছিল  সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ আগত স্বীকাৰ কৰাৰ কথা জানিব দিয়ে।

অবৈধ প্ৰেমৰ পৰিণতিত লজ্জা নিবাৰণৰ বাবে এটি দেৱশিশুক ৰহস্যজনক ভাৱে হত্যা কৰি পুতি থোৱা অমানৱীয় ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোৰ লগতে জিলা খনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে