মৰাণত বান পৰিস্থিতিৰ সামান্য উন্নতি, এতিয়াও শিৱিৰত বহু বৰ্নাত্য পৰিয়াল

বান পৰিস্থিতি কিছু উন্নত হৈছে কিন্তু শেষ হোৱা নাই বানাক্ৰান্তৰ দুৰ্দশা
মৰাণৰ ধেমেচী পঞ্চায়তৰ একাংশ ৰাইজক জুৰুলা কৰিছে আহাৰমহীয়া বানে । আজিও হেঁপাহৰ ঘৰখন এৰি পথৰ ওপৰতে আশ্ৰয় লবলগীয়া হৈছে বন্যাক্ৰান্তই । পঞ্চায়তটোৰ অন্তৰ্গত মাজুমেলিয়া লাকলৌ আৰু তেলিয়াপথাৰ গাঁৱৰ অৰ্ধশতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে আহাৰমহীয়া বানত ৷ ডিমৌ নৈৰ বাঢ়নি পানীয়ে অঞ্চলটোৰ বিস্তৰ কৃষিভূমি প্লাৱিত কৰাৰ লগতে অৰ্দ্ধশতাধিক পৰিয়ালৰ বাসগৃহ, ভঁৰাল আদি বুৰাই পেলায় ৷ উপায়হীন কৃষকে এতিয়া আশ্ৰয় লবলগীয়া হৈছে পথৰ ওপৰতে ।