Local, Vocal, Global

Deadbody recovered in Guwahati : পুনৰ মহানগৰীত মৃতদেহ উদ্ধাৰ, হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ

নিউজ ডেস্ক, ১৭ আগষ্ট : পুনৰ মহানগৰীত মৃতদেহ উদ্ধাৰ । প্ৰায় প্ৰতি দিনেই ধাৰাবাহিকভাৱে উদ্ধাৰ হৈছে মৃতদেহ । বৃহস্পতিবাৰে পুৱা মহানগৰীত পুনৰ উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ (Deadbody recovered in Guwahati) । মহানগৰীৰৰ পশ্চিম বৰাগাঁৱত উদ্ধাৰ এজন লোকৰ মৃতদেহ(Dead body found in Boragaon Guwahati) । ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন দলঙৰ ওপৰত উদ্ধাৰ হয় মৃতদেহটো । মৃতদেহটো এজন ই–ৰিক্সা চালকৰ বুলি চিনাক্ত কৰা হৈছে । লোকজনৰ নাম দিপু বুলি জানিব পৰা গৈছে।

লোকজনক দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰা হৈছে । মৃতদেহত আঘাতৰ স্পষ্ট চিন দেখা পোৱা গৈছে । যাৰ বাবে দুৰ্বৃত্তই হত্যা কৰি লোকজনক পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে একাংশই ।

ইতিমধ্যে ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো । তদন্তৰ পাছতহে পোহৰলৈ আহিব মৃত্য়ুৰ প্ৰকৃত কাৰণ।

জানিব পৰা মতে বৰাগাঁওস্থিত ভগৱান দাস নামৰ এজন লোকৰ ঘৰত ভাৰাতীয় হিচাপে আছিল লোকজন।

লগতে পঢ়ক : Deadbody recovered : স্বাধীনতা দিৱসৰ দিনাই পুৱাই মহানগৰীত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ