Local, Vocal, Global

১২ বছৰীয়া হ’ল ‘মন যায়’…

বাস্তৱধৰ্মী কাহিনীৰে ২০০৮ চনৰ ১২ ছেপ্তম্বৰ তাৰিখে মুক্তি লাভ কৰিছিল ‘মন যায়’। ছবিখনৰ কাহিনী বা ছবিখনৰে বিষয়ে অসমবাসী ৰাইজক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। প্ৰতিজন অসমীয়াৰ আজিও বুকুৰ মাজত আছে। বিশেষকৈ শিক্ষিত যুৱ প্ৰজন্মৰৱ আৱেগ-অনুভুতি,সমস্যা, নিৱনুৱা যুৱকৰ সংঘৰ্ষ আৰু আৰ্থ-সামাজিক সমস্যা সমূহৰ জীয়া ছবি দাঙি ধৰিছিল চলচ্চিত্ৰখনে। মুলতঃ জুবিন গাৰ্গে অভিনয় কৰা মানৱ চৰিত্ৰৰে দৰ্শকৰ মন জয় কৰিছিল। হয়তো মানৱ চৰিত্ৰতে প্ৰতিফলন ঘটিছিল যুৱ প্ৰজন্মৰ আৱেগ আৰু অনুভুতি।

উল্লেখ্য যে চলচ্চিত্ৰখনৰ লেখক, চিত্ৰনাট্যৰ লগতে পৰিচালনা কৰিছিল এম. মনিৰামে। ছবিখনে ‘৫৬-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মানো লাভ কৰিছিল।