Local, Vocal, Global

ক্ৰমাত্‍ ভয়ংকৰ ৰূপ লৈছে কাল কৰ’নাই

ৰাজ্যত ক্ৰমাত্‍ জটিল ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ’নাই। অসমত সম্প্ৰতি কাল কৰ’না লৈছে মাৰ্চ-এপ্ৰিল মাহৰ ইটালী-আমেৰিকাৰ দৰে সংহাৰী ৰূপ। বৰ্তমানলৈ সমগ্ৰ ৰাজ্যত কৰ’নাত আক্ৰান্তই হৈ মৃত্যু হৈছে ৪৩০ গৰাকীকৈ লোকে। ৭২ ঘন্টাত অসমত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৫২ গৰাকীকৈ লোকে। কেৱল বয়োজ্যেষ্ঠ লোকে নহয় সম্প্ৰতি কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে কম বয়সীয়া লোকেও।

১০ ছেপ্তেম্বৰত কাল কৰ’নাই প্ৰাণ কাঢ়িছে ১৪ বছৰীয়া শ্ৰেয়া ঘোষৰ। আনহাতে ১১ ছেপ্তেম্বৰত কাল কৰ’না প্ৰাণ কাঢ়িছে ২৪ বছৰীয়া প্ৰিয়াংকা উপাধ্যায়ৰ, কৰিমগঞ্জৰ ২১ বছৰীয়া তপো নাথ আৰু শোণিতপুৰৰ ৩২ বছৰীয়া গৌতম দেৱনাথ।

সম্প্ৰতি তেজপুৰৰ চিকিত্‍সালয়ত মহাবিদ্যালয় আৰু হাস্পতালত ১২ গৰাকী লোক চিকিত্‍সাধীন অৱস্থাত আছে আৰু উদ্দেগজনক কথা এয়ে যে চিকিত্‍সাধীন অৱস্থাত থকা আটাইকেইজনৰে অৱস্থা সংকটজনক।

উল্লেখ্য যে বৰ্তমান ৰাজ্যত কাল কৰ’নাই লৈছে অতি ভয়ংকৰ ৰূপ। তত্‍চত্বেও সতৰ্ক হোৱা নাই একাংশ লোক।