Watch | Moirabari news : ‘উচ্ছেদৰ নামত নিৰীহ মানুহক গুলীয়াই হত্যা কৰিব ,সেয়া মুছলিম ছাত্ৰ সন্থাই সহ্য নকৰে’
মৈৰাবাৰী: ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে আজি গোৱালপাৰা পাইকানত আৰক্ষাৰ গুলিচালনাত এজন নিহত আৰু ৮ জনকৈ লোক আহত হোৱা ঘটনাৰ তীব্ৰ বিৰোধিতা কৰে ‘মুছা’ই।
“উচ্ছেদৰ নামত নিৰীহ মানুহক গুলীয়া হত্যা কৰিব সেয়া মুছলিম ছাত্ৰ সন্থাই সহ্য নকৰে,মুছলমান সকলক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে অসম চৰকাৰ। উচ্ছেদৰ নামত নিৰীহ মানুহক অত্যাচাৰ বন্ধ কৰক”।
গোৱালপাৰাৰ পাইকানৰ অমানৱীয় কাণ্ডক তীব্ৰ গৰিহণা মুছা”ৰ সভাপতি আশ্বিক ৰাব্বানী মন্তব্য কৰি কয়,- “উচ্ছেদৰ আগত পুনৰ সং স্থাপন কৰক । আদানী, আম্মানী, পতঞ্চলী মাটি দিব পৰা চৰকাৰে ভূমিহীন লোকক কিয় ভূমি পট্টা দিব নোৱাৰে ? সংবিধান বিৰুধী কাম কৰি আছে ৰাজ্যৰ মূখ্যমন্ত্ৰীয়ে” ।
লগতে পঢ়ক : Watch | TMushalpur ABSU protest : মুছলপুৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদ