‘Modi Mango’ to be available in the market : বজাৰত উপলদ্ধ হ’ব ‘মোডী আম’
নিউজ ডেস্ক, ২৩ মে’ : প্ৰধানমন্ত্ৰী মোডীৰ নামেৰে নামাকৰণ কৰা দেশৰ বজাৰলৈ আহি আছে আমৰ নতুন প্ৰজাতি মোডী আম (Modi Mango)। আমোদজনকভাৱে এই ‘মোদী আম’ দশেৰা, লাংদা আৰু চৌচা আমতকৈ বহুগুণে ডাঠ আৰু ডাঙৰ । ইয়াৰ সোৱাদ আন সকলো প্ৰকাৰৰ আমতকৈ সম্পূৰ্ণ পৃথক হ’ব বুলি জানিবলৈ দিছে অৱধ আম উৎপাদক আৰু উদ্যান শস্য সমিতিৰ সাধাৰণ সম্পাদক উপেন্দ্ৰ কুমাৰ সিঙে ।
অৱশ্যে বজাৰত উপলব্ধ হোৱা সকলো আমতকৈ ‘মোদী আম’ৰ মূল্য বহুগুণে বেছি । লগতে ‘মোদী আম’ৰ গছও ব্যয়বহুল ।
উপেন্দ্ৰ সিঙে কয় যে মোদীয়ে কেন্দ্ৰীয় উদ্যান শস্য প্ৰতিষ্ঠানত আমৰ ওপৰত নিজৰ চিন ৰাখিছে । ২০১৯ চনত তেওঁ বিভিন্ন প্ৰকাৰৰ আম সংগ্ৰহ কৰি সেইবোৰ পৰীক্ষাগাৰত পৰীক্ষা কৰিছিল । ইয়াৰ পিছত, আমৰ পৰীক্ষাৰ পিছত সকলো জ্যেষ্ঠ বিষয়াই দেখিলে যে ইয়াৰ সোৱাদ সকলো বিদ্যমান আমতকৈ সম্পূৰ্ণ পৃথক । গতিকে ইয়াৰ নাম কি হ’ব এই আলোচনাৰ মাজতে উপেন্দ্ৰ কুমাৰ সিঙে ইয়াক ‘মোডী আম’ নাম দিয়াৰ সিদ্ধান্ত লয়। এতিয়া চেণ্ট্ৰেল ইনষ্টিটিউট অৱ চাবট্ৰপিকেল হৰ্টিকালচাৰে এই নামটো পঞ্জীয়ন কৰিছে।
উল্লেখ্য যে অহা বছৰ বজাৰত ‘মোডী আম’ উপলব্ধ হ’ব (‘Modi Mango’ will be available in the market next year) । তেতিয়া মানুহে তাৰ সোৱাদ ল’ব পাৰিব। এই আমৰ এটা পুলিৰ মূল্য এক হাজাৰ টকা । এই আমৰ দাম আন আমতকৈ অলপ বেছি, কিন্তু দেশৰ প্ৰতিটো কোণলৈ যোগান ধৰা হ’ব । এতিয়ালৈকে ১০০ তকৈও অধিক ‘মোদী আম’ গছ উত্পাদন কৰা হৈছে । ভৱিষ্যতে আৰু গছপুলি ৰোপণ কৰা হ’ব । এতিয়া অন্য কোনো প্ৰজাতিৰ আমৰ নাম ‘মোদী আম’ থাকিব নোৱাৰে কিয়নো এই নামটো পঞ্জীয়ন কৰা হৈছে ।
লগতে পঢ়ক : RBI Governor on Rs 2000 withdrawal: কোনো দোকানে ২০০০ টকীয়া নোট অস্বীকাৰ কৰিব নোৱাৰিব