বিলবৰ্ডৰ ফলকত মোডীৰ ফটো লগাই ভাৰতক ধন্যবাদ কানাডাবাসীৰ

COVID-19 ভেকচিন প্ৰেৰণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জ্ঞাপন কৰিছে কানাডাই । উল্লেখ্য যে কানাডাই যোৱা সপ্তাহত চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ পৰা কভিশিল্ড ভেকচিনৰ ৫লাখ দ’জ লাভ কৰিছিল । ইয়াৰ পিছতে কানাডাৰ গ্ৰেটাৰ টৰেণ্ট’ অঞ্চলৰ বিলবৰ্ডৰ ফলকত দেখা গল প্ৰধানমন্ত্ৰীৰ মোদীৰ ফটো। এই ফলকৰ জৰিয়তে ভাৰতবাসীকো কানাডাই জনাইছে ধন্যবাদ । লগতে “আমি ভৱিষ্যতৰ সহযোগিতাৰ বাবে অপেক্ষা কৰি আছো” বুলি কানাডিয়ান ৰাজহুৱা সেৱা আৰু ক্ৰয় মন্ত্ৰী অনিতা আনন্দে প্ৰকাশ কৰিছে ।