Local, Vocal, Global

এটা ব্যতিক্ৰমী মন্দিৰ , মুৰ্তিৰ পৰিৱৰ্তে পূজা কৰা হয় বাইকৰ

সকলো মানুহে মন্দিৰত ঈশ্বৰৰ পূজা অৰ্চনা কৰে।  কিন্তু এইবাৰ এটা ব্যতিক্ৰমী মন্দিৰৰ কথা ক’বলৈ ওলাইছো য’ত মুৰ্তিৰ পৰিৱৰ্তে পূজা কৰা হয় এখন ৰয়েল এনফিল্ড বুলেট ৩৫০ বাইকক।  এই মন্দিৰটোক ওঁম বান্না ধাম বুলি জনা যায়।  এই ব্যতিক্ৰমী মন্দিৰটো ৰাজস্থানৰ যোধপুৰত অৱস্থিত।  ভক্তসকলে এই মন্দিৰটো দৰ্শন কৰিহে দিনটোৰ বাবে যাত্ৰা আৰম্ভ কৰে।  ভাৰতৰ এই ব্যতিক্ৰমী মন্দিৰটো নিৰ্মাণৰ আঁৰত আছে এটা বিশেষ ঘটনা।  ১৯৯৮ চনত ওঁম বান্না নামৰ এজন যুৱকে নিজৰ ঘৰলৈ উভতি অহা অৱস্থাত এটা দুৰ্ঘটনাৰ সম্মুখীন হৈ মৃত্যু মুখত পৰিছিল। জনপ্ৰবাদ মতে সেই ঠাইৰ আৰক্ষীয়ে মৃত যুৱকজনৰ বাইক খন ঘটনাস্থলীৰ পৰা আৰক্ষী চকীলৈ লৈ যায় কিন্তু ৰহস্যজনকভাৱে পুনৰ বাইকখন দুৰ্ঘটনা সংঘটিত হোৱা স্থানত প্ৰত্যক্ষ কৰা হৈছিল।  এই ঘটনাৰ পিছতেই বাইকখনক লৈ আন বহুতো জনপ্ৰবাদ ওচৰ-চুবুৰীয়া গাওঁ সমূহত বন জুইৰ দৰে বিয়পি পৰিছিল।  তেতিয়াৰ পৰাই অঞ্চলবাসী ৰাইজে উক্ত ঠাইতেই এটি মাটিৰ ঢাপ সাজি  বাইকখনৰ পূজা-অৰ্চনা কৰিবলৈ আৰম্ভ কৰে।