Local, Vocal, Global

Mobile Internet Services Stopped : সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ পিছত জম্মু আৰু কাশ্মীৰত কৰ্তন ইণ্টাৰেনট সেৱা

নেশ্যনেল ডেস্ক, ২৩ ডিচেম্বৰ : জম্মু আৰু কাশ্মীৰত কৰ্তন ইণ্টাৰনেট সেৱা । বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ পিছত জম্মু আৰু কাশ্মীৰৰ কিছু অংশত কৰ্তন কৰা হয় ইণ্টাৰেনট সেৱা(Mobile Internet Services Stopped In Rajouri And Poonch) ।

খবৰ অনুসৰি ,ৰাজ্যখনত স্থানীয় লোকৰ প্ৰতিবাদৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে যদিও পুঞ্চ আৰু ৰাজৌৰী জিলাৰ সীমান্ত অঞ্চলত সেনাই এই আক্ৰমণকাৰী সন্ত্ৰাসবাদীসকলৰ সন্ধান অব্যাহত ৰখাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে বুলি জনাইছে(Mobile Internet Services Stopped) ।

উল্লেখ্য যে, বৃহস্পতিবাৰে জম্মুৰ পুঞ্চ আৰু ৰাজৌৰী জিলাৰ সীমান্তত সেনা দুখন বাহনত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে । এই আক্ৰমণৰ ফলত ৫ জনকৈ সৈনিক ছহিদ হয়। পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ এটা শাখা পিপলছ এণ্টি-ফেচিষ্ট ফ্ৰণ্টে (পিএএফএফ) এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে(Mobile Internet Suspended In J&K’s Poonch) ।

বুধবাৰে নিশাই সেনাই ডেৰা কি গালিত এক অভিযান আৰম্ভ কৰিছিল। সেনাৰ অভিযানত অংশ ল’বলৈ দুখন বাহনত ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱানসকল ৰাওনা হৈছিল। বাহন দুখন চুৰানকোট আৰক্ষী থানাৰ এলেকাৰ বাফ্লিয়াজৰ পৰা ৰাজৌৰীলৈ গৈছিল। কিন্তু তাৰ মাজতে বাফ্লিয়াজ আৰু ডেৰা কি গালিৰ মাজৰ পাহাৰীয়া অঞ্চলত গভীৰ অৰণ্যৰ সুযোগ গ্ৰহণ কৰি বিয়লি প্ৰায় ৪.৪৫ বজাত টোপা পীৰ অঞ্চলৰ ওচৰৰ এটা ঠেক পাহাৰীয়া ঠাইত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সন্মুখীন হয়(Mobile Internet suspended in J&K’s Poonch, Rajouri amid massive anti-terrorist operation)।

আৰু সন্ত্ৰাসবাদীৰ গোটটোৱে সেনাৰ দুয়োখন বাহলৈ লক্ষ্য কৰি গুলী চালনা কৰাৰ লগতে গ্ৰেণেড নিক্ষেপ কৰে। সন্ত্ৰাসবাদীৰ গুলীত হয় শ্বহীদ হয় ৫ জনকৈ সৈনিক

এই গুলীচালনাৰ ঘটনাৰ পিছতে অঞ্চলজুৰি ভাৰতীয় সেনা, চি আৰ পি এফ, ৰাষ্ট্ৰীয় ৰাইফলছ, জম্মু কাশ্মীৰৰ আৰক্ষীয়ে সন্ত্ৰাসবাদীক বিচাৰি যৌথভ অভিযান চলাই। পাহাৰ, অৰণ্যকে ধৰি সকলো এলেকাত অভিযান চলি আছে আৰক্ষীৰ ।

আজি পুৱাৰে পৰা পুনৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰে ।

লগতে পঢ়ক :Fire Breaks out in Sonari : ভয়ংকৰ অগ্নিকাণ্ড; অগ্নিকাণ্ডত জাহ গ’ল প্ৰায় ১৫ লাখৰো অধিক টকাৰ সামগ্ৰী