Local, Vocal, Global

Fire Breaks out in Sonari : ভয়ংকৰ অগ্নিকাণ্ড; অগ্নিকাণ্ডত জাহ গ’ল প্ৰায় ১৫ লাখৰো অধিক টকাৰ সামগ্ৰী

সোণাৰি, ২৩ডিচেম্বৰ : এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত জাহ গ’ল প্ৰায় ১৫ লাখৰো অধিক টকাৰ সামগ্ৰী (Fire Breaks out in Sonari)।

চৰাইদেউৰ সাপেখাতীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । জানিব পৰা মতে,এটা টেন্তৰ গুদামত জুইৰ সূত্ৰপাত হয় আৰু নিমিষতে জুই বিয়পি পৰে আৰু টেন্ত হাউচৰ কাপোৰৰ লগতে ছাউণ্ড চিষ্টেম জুইত জাহ যায় । এই অগ্নিকাণ্ডৰ পিছতে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নুমুৱাবলৈ সক্ষম হয়(Massive Fire Breaks out at Sonari) ।

দন্দেশ্বৰ ফুকন নামৰ টেন্তৰ ব্যৱসায়ি জনৰ বাস গৃহত থকা টেন্তৰ গুদামত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো । এই অগ্নিকাণ্ডত প্ৰায় ১৫লক্ষাধিক টকাৰ সাম্গ্ৰী জুইত জাহ যায়(Fire in Sonari) ।

লগতে পঢ়ক : Assam Police Recover Large Amount of Ammunition : কাৰ্বি আংলঙত জব্দ বৃহৎ পৰিমাণৰ গোলাবাৰুদ