Local, Vocal, Global

Controversy Surrounds Death Of 10 Year Old Assam Girl : অৰুণাচল প্ৰদেশত উত্তপ্ত পৰিস্থিতি; শিক্ষয়িত্ৰীৰ ঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ বনকৰা কিশোৰীৰ মৃতদেহ

নিউজ ডেস্ক,২৩ডিচেম্বৰ : অৰুণাচল প্ৰদেশত উত্তপ্ত পৰিস্থিতি । শিক্ষয়িৰ্থীৰ ঘৰত বনকৰা কিশোৰী মৃত্য়ুক লৈ উত্তেজনা অঞ্চলজুৰি । মৃত্যু কিশোৰীগৰাকীৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত প্ৰতিবাদ স্থানীয় ৰাইজৰ(Controversy Surrounds Death Of 10 Year Old Assam Girl) ।

ঘটনা অনুসৰি, অৰুণাচল প্ৰদেশৰ এগৰাকী শিক্ষয়িৰ্থীৰ ঘৰত উদ্ধাৰ হৈছে এগৰাকী বনকৰা কিশোৰীৰ মৃতদেহ । অৰুণাচল প্ৰদেশৰ বৰডুমচাৰ কামাং পথাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী চিনাম ল’ওৰফে মাইলু কোঁৱৰৰ ঘৰত পেঙেৰীৰ টেকেৰীৰ ১০ বছৰীয়া কিশোৰী বনকৰা যুৱতী হিচাবে কৰ্মৰত হৈ আছিল ৷ প্ৰায় দুই বছৰ ধৰি শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত বনকৰা ছোৱালী হিচাপে আছিল কিশোৰীগৰাকী । কিন্তু শুকুৰবাৰে অতি ৰহস্যজনকভাৱে শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় বনকৰা কিশোৰীগৰাকীৰ মৃতদেহ(10-year-old girl allegedly commits suicide in Arunachal, family cries foul) ।

মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, কিশোৰীগৰাকীক হত্যা কৰা হৈছে ৷ কিশোৰীগৰাকীৰ হত্যাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে শিক্ষয়িত্ৰীগৰাকীয়ে ৷ কিয়নো মৃত কিশোৰীগৰাকীৰ শৰীৰৰ কেবা ঠাইতো আঘাতৰ চিন স্পষ্ট হৈ আছে ৷

শুক্ৰবাৰে নিশা কিশোৰীগৰাকীক লৈ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল বৰডুমছাৰ পৰিস্থিতি অধিক উত্তপ্ত হয় ৷ মৃত কিশোৰীগৰাকীৰ পৰিয়ালক ন্যায় প্ৰদানৰ হকে স্থানীয় ৰাইজৰ লগতে দল-সংগঠনৰ নেতাই এক গোট হৈ অসম-অৰুণাচল প্ৰদেশৰ গেট বন্ধ কৰি ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ(Controversy Surrounds Death Of 10 Year Old Assam Girl In Arunachal) ৷

অৱশ্যে পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

ইফালে এই ঘটনাক লৈ অৰুণাচল প্ৰদেশৰ বৰডুমচা থানাই নিজাববিয়াকৈ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত । তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা ।

লগতে পঢ়ক : Mobile Internet Services Stopped : সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ পিছত জম্মু আৰু কাশ্মীৰত কৰ্তন ইণ্টাৰেনট সেৱা