Local, Vocal, Global

বিধায়ক ছিদ্দিক আহমেদক কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদৰ পৰা নিলম্বন

নিউজ ডেস্ক,৩১ মাৰ্চঃ কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদক নিলম্বন। কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদক নিলম্বন।

কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যপদৰ পৰাও নিলম্বন কৰে বিধায়কগৰাকীয়ে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই সংবাদ মেলৰ জৰিয়তে এই বিষয়ে ঘোষণা কৰিছে।

উল্লেখ্য যে, ৰাজ্যসভাৰ নিৰ্বাচনত ইচ্ছাকৃতভাৱে ভোট কেনচেল কৰাৰ অভিযোগ উঠে ছিদ্দিক আহমেদৰ বিৰুদ্ধে।

বেলট পেপাৰত ১ৰ সলনি ‘ONE’ বুলি লিখিছিল ছিদ্দিক আহমেদে। ইফালে ছিদ্দিক আহমেদৰ বিধায়ক পদ খাৰিজ কৰিবলৈয়ো আবেদন কৰিব বুলি কংগ্ৰেছ নেতৃত্বই সংবাদ মেলৰ যোগেদি ঘোষণা কৰিছে।