Local, Vocal, Global

সলনি হ’ল গুৱাহাটী পৌৰসভা নিৰ্বাচনৰ দিন

নিউজ ডেস্ক, ৩১ মাৰ্চঃ ৰাজ্যিক নিৰ্বাচন আয়োগৰ জাননী জাৰি। পিছুৱাই দিয়া হ’ল গুৱাহাটী পৌৰসভা নিগমৰ নিৰ্বাচনৰ দিন।

১৯ এপ্ৰিলৰ পৰিৱৰ্তে ২২ এপ্ৰিলত হ’ব গুৱাহাটী পৌৰসভা নিৰ্বাচন। আনহাতে ২১ এপ্ৰিলৰ পৰিৱৰ্তে ২৪ এপ্ৰিলত হ’ব ফলাফল ঘোষণা।
ৰঙালী বিহুৰ বাবেই নিৰ্বাচনৰ দিন পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।


উল্লেখ্য যে, ব’হাগ বিহুৰ মাজতে নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছিল বিজেপি আৰু কংগ্ৰেছ দলে।
সেয়েহে নিৰ্বাচন আয়োগে নিৰ্বাচন পিছুৱাই দিয়াৰ সিদ্ধান্ত লয়।