Watch | MLA Sheraman Ali will join the Raijor dol party: অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলত যোগদান কৰিব বিধায়ক শ্বেৰমান আলীয়ে
নগৰবেৰা : কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে নিজৰ ভৱিষ্যত ৰাজনীতি সম্পৰ্কে কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য। শীঘ্ৰে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলত যোগদান কৰিব বিধায়ক শ্বেৰমান আলীয়ে । নিজ সমষ্টিৰ বাঘবৰৰ লুইতপৰীয়া মহাবিদ্যালয়ত তেওঁ বিধায়ক অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ হৈ ৰাইজৰ দলত যোগদানৰ স্পষ্ট ইংগীত দিয়ে । কেৱল এয়াই নহয়, ২০২৬ ৰ নিৰ্বাচনত অসমৰ সকলো মুছলমান লোকক অখিল গগৈৰ নেতৃত্বত ৰাজনীতি কৰাৰ আহ্বান জনায় বিধায়ক শ্বেৰমান আলীয়ে ।
কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয়-কংগ্ৰেছক দিয়া পাঁচটা চৰ্ত্তৰ কোনো উত্তৰ প্ৰদান কৰা নাই বৰঞ্চ দেৱব্ৰত শইকীয়া আৰু ৰকিবুল হুছেইনে তেওঁৰ বিৰুদ্ধে গোচৰহে তৰিছে। এনে পৰিস্থিতিত কংগ্ৰেছত থাকি তেওঁ নিষ্পেষিত জনগণৰ হৈ কোনো কাম কৰিব নোৱাৰিব বুলি ক্ষোভ ব্যক্ত কৰে । ইপিনে চৰকাৰৰ শেহতীয়া অমানৱীয় উচ্ছেদ সন্দৰ্ভত বিধায়ক শ্বেৰমান আলীয়ে কয়-চৰকাৰে মুছলমান মানুহক উচ্ছেদ কৰিলে জনগোষ্ঠীটোৰ লোকসকলে জেদী হব লাগিব আৰু শিক্ষাৰ প্ৰতি গুৰুত্বাৰোপ কৰিব লাগিব। বছৰটোৰ ১২ মাহেই মুছলমান লোকক ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈও আহ্বান জনায় বিধায়ক শ্বেৰমান আলীয়ে ।
লগতে পঢ়ক: Watch | Mushalpur Football Coaching camp:বাক্সাৰ উজিৰবাৰীত ফুটবল প্ৰশিক্ষণ আৰম্ভ