মই আৰু চাধা নাখাও! বিধানসভাৰ মজিয়াত শপত খালে বিধায়কে…

গুৱাহাটীঃ যি খায় চাধা সি সৰস্বতীৰ আধা, যি নাখায় চাধা সি গাধতকৈও গাধা! চাধাক লৈ কিমানৰ যে কি কথা। চাধাৰ কথা কেৱল গাঁৱৰ তিনিআলিতেই নচলে। চাধাৰ কথা চলে বিধানসভাৰ মজিয়াতো। কেৱল কথাই নহয়, বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ কাষতে বহি প্ৰাক্তন মন্ত্ৰীয়ে চাধা খোৱাৰ দৃশ্যও ভাইৰেল হৈ পৰিছিল।
ইয়াৰ পিছতে বিগত বৰ্ষত ছ’চিয়েল মিডিয়াত চৰ্চা হৈছিল বিধানসভাৰ মজিয়াত চাধা খোৱা বিধায়কৰ নামক লৈ। চাধা নহ’লে কোন বিধায়ক থাকিবই নোৱাৰে সেই লৈও চলিছিল চৰ্চা। এইবাৰ বিধানসভাত পুনৰ ওলাল চাধাৰ কথা।
আজিৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই ওলাল চাধাৰ কথা। কেৱল কথা ওলোৱাই নহয়, আৰু কেতিয়াও চাধা নোখোৱাৰ শপতো খালে এগৰাকী বিধায়কে। আজিৰে পৰা চাধা বাদ দিলো বুলি শপত খোৱা এই বিধায়কগৰাকী হৈছে মৃণাল শইকীয়া। বিধায়কগৰাকীয়ে স্পষ্টকৈ কয় যে বিধানসভাত বহুকেইগৰাকী চাধা-শিখৰ খোৱা বিধায়ক আছে। অৱশ্যে তেওঁ চাধা-শিখৰ খোৱা সতীৰ্থ বিধায়কসলৰ নাম কোৱাৰ পৰা বিৰত থাকে।
‘সদনৰ মজিয়াত আজিৰে পৰা মই শপত খাইছো যে মই আৰু চাধা নাখাও।’-বিধায়ক শইকীয়াৰ শপত। তেওঁ আৰু কয়, ‘আমাৰো বহু বেয়া অভ্যাস আছে। আমাৰ বহু সতীৰ্থই চাধা, গুটখা খায়। মই সেইসকলৰ নাম নকও বাৰু। মই সেইসকলকো চাধা-গুটখা আজিৰে পৰা এৰিবলৈ আহ্বান জনাইছো।’
ইয়াৰ লগতে বিধায়ক শইকীয়াই অসমত কৰ্কট ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বুলিও মন্তব্য কৰে। বিধায়কগৰাকীয়ে সকলোকে চাধা-গুটখা নাখাবলৈ আহ্বান জনাই খুহুতীয়াকৈ চাধাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে।