Local, Vocal, Global

মিজোৰাম চৰকাৰৰ বৃহৎ ঘোষণা, শীঘ্ৰেই ৰাজ্যখনৰ সাংবাদিকসকললৈ পেঞ্চন আঁচনি ঘোষণা

নিউজ ডেস্ক, ২৪ মাৰ্চঃ বুধবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই কয় যে, তেওঁৰ চৰকাৰে শীঘ্ৰেই কৰ্মৰত সাংবাদিকসকলৰ বাবে এখন পেঞ্চন আঁচনি আৰম্ভ কৰিব।

লগতে তেঁও কয় যে, তেওঁৰ চৰকাৰে ৰাজ্যখনত সাংবাদিক তথা লেখকসকলৰ প্ৰচাৰৰ লগতে সহায় কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মিজোৰাম সাংবাদিক সন্থাৰ (এমজেএ) সোণালী জয়ন্তী উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই কয়, “আমাৰ চৰকাৰে সাংবাদিকসকলৰ কল্যাণক অগ্ৰাধিকাৰ দিয়ে আৰু শীঘ্ৰেই তেওঁলোকক লাভান্বিত কৰিবলৈ পেঞ্চন আঁচনি আৰম্ভ কৰিব। ইতিমধ্যে এই সন্দৰ্ভত প্ৰক্ৰিয়া চলি আছে।”

ইফালে ৰাজ্যপাল হৰি বাবু কামভাম্পতীয়েও ১৯৩ জনীয়া মিজোৰাম সাংবাদিক সন্থাক ৫০ বছৰ অতিক্ৰম কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।