Local, Vocal, Global

বিত্তমন্ত্ৰী অজন্তা নেওগ মুৰ্দাবাদ ধ্বনিৰে উত্তাল ঢেকীয়াজুলি

নিউজ ডেস্ক,২৪ মাৰ্চঃ বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত আশাকৰ্মীসকলক উদ্দেশ্যি কৰা অপমানসূচক মন্তব্যৰ প্ৰতিবাদত আজি ঢেকীয়াজুলিত আশাকৰ্মীসকলে এঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

ৰাজ্যখনৰ বিত্ত বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰীত্ব লাভ কৰা নেওগে যোৱা ১৮ মাৰ্চত সদনত কৰা বিতৰ্কিত মন্তব্যত ক্ষুন্ন ঢকুৱাখনাৰ আশা কৰ্মী সকলে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে ।

লাখিমপুৰ জিলা আশা কৰ্মী সন্থাৰ ঢকুৱাখনা ব্লক সমিতিৰ সভানেত্রী দিপা দত্ত আৰু সম্পাদিকা হেম প্ৰভা কোচৰ নেতৃত্বত বৃহস্পতি বাৰে দুপৰীয়া প্ৰায় ৩০ গৰাকী আশা কৰ্মীয়ে ঢকুৱাখনা খণ্ড প্ৰাথমিক স্বাস্থ্য ও চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ মন্ত্ৰী অজন্তা নেওগ মূর্দাবাদ , বিত্ত মন্ত্ৰী অজন্তা নেওগ গ’ বেক ,মন্ত্ৰী অজন্তা নেওগ হুচিয়াৰ ,বেপৰোৱা অজন্তা নেওগক মন্ত্ৰী সভাৰ পৰা বহিস্কাৰ কৰক আদি শ্লোগান দি কাৰ্যালয়ৰ সন্মুখৰ ৰাজপথ উত্তাল কৰি তোলে ।

সদনত ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে কৰা এনে বেপৰোৱা মন্তব্যই নিষ্ঠাবান কৰ্মী সকলক আশাহত আৰু নিৰুৎসাহিত কৰা বুলি কৈ এনে অকমন্য মন্ত্ৰীক মন্ত্ৰী সভাৰ পৰা শীঘ্ৰে অপসাৰণ কৰাৰ বাবে দাবী জনাই।

প্ৰতিবাদৰ অন্তত ঢকুৱাখনাৰ প্ৰতিদাবী আশাহত আশা কৰ্মী সকলে ঢকুৱাখনা খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহুৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।