Local, Vocal, Global

Mizoram Election Results : চৰকাৰ গঠন কৰিবলৈ গঠন কৰিবলৈ সাজু জেড পি এমে

নিউজ ডেস্ক, ৪ ডিচেম্বৰ : মিজোৰামত প্ৰথমবাৰৰ চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে জেড পি এমে(Mizoram Election Results) । মিজোৰামত শাসনাধিষ্ঠ দল এমএনপিক পৰাস্ত কৰি জয় লাভ কৰিলে জেড পি এমে। ৪০ খন আসনযুক্ত বিধানসভাত জেডপিএমে ২৭ খন, এমএনপিয়ে ১০ খন, বিজেপিয়ে ২ খন আৰু কংগ্ৰেছে এখন আসন লাভ কৰিবলৈ সক্ষম হয়(Mizoram CM Zoramthanga loses Aizawl East I seat to ZPM’s Lalthansanga)।

পৰাজয় হৈছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা আৰু উপ-মুখ্যমন্ত্ৰী টাউনলুইয়াৰ(Mizoram CM Zoramthanga loses Aizawl East ) । জোৰামথাংগাৰ দল মিজো নেচনেল ফ্ৰণ্টে বিগত নিৰ্বাচনত ৰাজ্যখনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল । কিন্তু এইবাৰ নিৰ্বাচনত আইজল পূৱ-১ আসনত পৰাস্ত হৈছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা । জেড পি এম দলৰ লালথাংগাৰ বিৰুদ্ধে ২১০১ টা ভোটৰ ব্যৱধানত পৰাস্ত হয় জোৰামথাংগা ৷ লালথাংগাই ১০,৭২৭ টা ভোট লাভ কৰাৰ বিপৰীতে জোৰামথাংগাই লাভ কৰে ৮৬২৬ টা ভোট ৷

লগতে পঢ়ক : CLP Meeting to Decide on New CM Begins : তেলেংগানাত চৰকাৰ গঠনৰ বাবে সাজু কংগ্ৰেছ