Mizoram Assembly elections: : মিজোৰামত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে উপস্থিত হ’ব কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী
নেশ্যনেল ডেস্ক, ১৬অক্টোবৰ : দেশত পাঁচখন ৰাজ্যত বিধানসভাৰ নিৰ্বাচন । এই বছৰতে পাঁচখন ৰাজ্যত অনুষ্ঠিত হয় নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু শাসক বিৰোধী । নিৰ্বাচনৰ বাবে ইতিমধ্য়ে প্ৰস্তুতি আৰম্ভ কৰিছে শাসক-বিৰোধীৰ মাজত(Congress begins Mizoram campaign) ।
নিৰ্বাচন প্ৰচাৰৰ মাজতে শাসক-বিৰোধীৰ মাজত অব্যাহত আছে ৰাজনৈতিক যুদ্ধ (Mizoram Election 2023) । মিজোৰামত অহা ৭ নম্বেৱৰত অনুষ্ঠিত হ’ব মিজোৰাম বিধান সভা নিৰ্বাচন। এই নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যেই মিজোৰামত আৰম্ভ হৈ গৈছে নিৰ্বাচনী যুঁজ। মিজোৰামত নিৰ্বাচনৰ প্ৰচাৰ কৰিব কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী(Mizoram Assembly elections)।
১৬ অক্টোবৰত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী উপস্থিত হয় মিজোৰামত । কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী এই ভ্ৰমণ তিনিদিনীয়া হোৱাৰ সম্ভাৱনা আছে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এই তিনিদিনীয়া কাৰ্যসূচীত আগন্তুক ৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব বুলি দলটোৰ বিষয়াসকলে নিশ্চিত কৰিছে। এই ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে ৰাজধানী চহৰ আইজলত নেতৃত্ব দি স্থানীয় জনসাধাৰণৰ সৈতে জড়িত হোৱাৰ সম্ভাৱনা আছে বুলি মিজোৰাম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কোষাধ্যক্ষ লালমালছামা ঙাকাই প্ৰকাশ কৰিছে।
লালমালচোৱামা ঙাকাই কয় যে, “ভাৰত জোডো যাত্ৰাৰ অংশ হিচাপে সোমবাৰে মিজোৰামত উপস্থিত হ’ব ৰাহুল গান্ধী। তিনিদিনীয়া ভ্ৰমণৰ সময়ছোৱাত তেওঁ চানমাৰীৰ পৰা আইজলৰ ট্ৰেজাৰী চ’কলৈ ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পদযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু আমাৰ প্ৰাৰ্থীসকলৰ বাবে প্ৰচাৰ চলাব।” লগতে ৰাজ্যখনৰ কেইবাগৰাকী নেতাৰ সৈতেও তেওঁ মত বিনিময় কৰিব।”
প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে আইজাল ক্লাবতে ৰাতি থাকিব ৰাহুল গান্ধী। দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হ’ব পুৱা ৯.৩০ বজাৰ পৰা। ১৭ অক্টোবৰত পুৱা ৯.৩০ বজাত আইজল ক্লাবত দলীয় নেতাৰ সৈতে বৈঠকত বহিব ৰাষ্ট্ৰীয় নেতাজন। ইয়াৰ পিছতে ১০.৩০ বজাৰ পৰা আইজল ক্লাবত সংবাদমেল সম্বোধন কৰিব।
সংবাদ মেল শেষ কৰি দিনৰ ১২ বজাত আইজলৰ পৰা হেলিকপ্টাৰেৰে লুংলেইলৈ উপস্থিত হ’ব ৰাহুল গান্ধী। ইয়াৰ পিছত ১২.৩৫ বজাৰ পৰা লুংলেইল এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব আৰু বিয়লি ২.৫০ বজাত হেলিকপ্টাৰেৰে লুংলেইৰ পৰা আগৰতলালৈ উভতিব ৰাহুল গান্ধী। আগৰতলাৰ পৰা ৩.৪৫ বজাত বিশেষ বিমান যোগে উভতিব নেতা গৰাকী। ৰাহুল গান্ধীৰ এই মিজোৰাম ভ্ৰমণে মিজোৰামত কংগ্ৰেছৰ স্থিতিত নিশ্চয়কৈ প্ৰভাৱ পেলাব বুলি আশা কৰিছে কংগ্ৰেছ নেতাসকলে।
লগতে পঢ়ক : Congress begins Rajasthan campaign : ৰাজস্থানত আজিৰে পৰা কংগ্ৰছৰ নিৰ্বাচনী প্ৰচাৰৰ সভা