Local, Vocal, Global

Mithun Chakraborty Hospital Admit: হঠাৎ অসুস্থ বলীউড অভিনেতা মিথুন চক্ৰৱৰ্তী

নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী : হঠাৎ অসুস্থ বলীউডৰ অভিনেতা মিথুন চক্ৰৱৰ্তী । কলকাতাত ‘শাস্ত্ৰী’ ছবিৰ শ্বুটিং কৰি থকাৰ সময়তে অসুস্থ হৈ পৰে অভিনেতাজন(Mithun Chakraborty Hospital Admit) । অভিনেতা জন অসুস্থ হৈ পৰাৰ পিছতে বাইপাছৰ জৰিয়তে ব্যক্তিগত চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় । চিকিৎসালয় লৈ প্ৰেৰণ কৰাৰ পিছতে অভিনেতাগৰাকীৰ কেইবাটাও শাৰীৰিক পৰীক্ষা কৰা হয় । লগতে তেওঁক ৰখা হয় বিশেষজ্ঞ চিকিৎসকৰ অহৰহ নিৰীক্ষণত(Mithun Chakraborty admitted to Kolkata hospital after complaining of chest pain) ।

জানিব পৰা মতে, শুকুৰবাৰে নিশাৰে পৰা অভিনেতা গৰাকী শাৰীৰিক সমস্যাত ভুগি আছিল আৰু শনিবাৰে ছবিৰ শ্বুটিং কৰি থকাৰ সময়তে অসুস্থ হৈ পৰে । খবৰ অনুসৰি তেওঁক স্নায়ু বিশেষজ্ঞ সঞ্জয় ভৌমিকৰ তত্বাৱধানত ভৰ্তি কৰোৱা হৈছে । চিকিৎসালয়ৰ সূত্ৰ অনুসৰি অভিনেতাগৰাকীক ব্ৰেইন ষ্ট্ৰ’ক (Acute Stroke) হোৱাৰ বাবে ভৰ্তি কৰোৱা হৈছিল(Actor Mithun Chakraborty admitted to Kolkata hospital after chest pain) ।

বৰ্তমানলৈকে অভিনেতাগৰাকীৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰ সন্দৰ্ভত পৰিয়ালৰ লোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । চিকিৎসালয়খনেও এতিয়ালৈকে কোনো ধৰণৰ বিবৃতি প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক : Amit Shah says CAA will be implemented before 2024 Lok Sabha elections : লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ’ব নাগৰিকত্ব সংশোধনী আইন : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ