Local, Vocal, Global

Man Elephant conflict : সোণাৰিত বন্যহস্তীৰ তাণ্ডৱ; বন্যহস্তীৰ আক্ৰমণত আহত এজন

নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Sonari )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যত হাতী-মানুহৰ সংঘাটে লৈছে ভয়ংকৰ ৰূপ। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা বন্যহস্তীৰ মুক্ত বিচৰণৰ ফলত মানুহৰ সৈতে হোৱা সংঘাটৰ ফলত বহু লোকৰ প্ৰাণহানি হৈছে।

এইবাৰ সোণাৰিত বন্যহস্তীৰ সন্ত্ৰাস। শুকুৰবাৰে নিশা সোণাৰিৰ খেৰবাৰীত বনৰীয়া হাতীয়ে তাণ্ডৱ সৃষ্টি কৰে ৷ নিশাৰ ভাগত বজাৰৰ পৰা ঘৰলৈ গৈ থকা সোণাৰি খেৰবাৰীৰ নিবাসী ৰাজীৱ মুণ্ডাক আক্ৰমণ কৰে বনৰীয়া হাতীয়ে ৷ বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৰাজীৱ মুণ্ডা ৷ গুৰুতৰভাৱে আহত ৰাজীৱ মুণ্ডাক প্ৰথমে নাফুক চাহ বাগিচা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে সোণাৰিৰ ৰজাপুখুৰীস্থিত জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু আঘাত অতি গুৰুতৰ হোৱাত নিশাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৰাজীৱ মুণ্ডাক ৷ এই ঘটনাৰ পাচতেই অঞ্চলটোত তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৷

ইফালে বন বিভাগে হাতীৰ আক্ৰমণত যুৱকজন আহত হোৱা বুলি মান্তি নোহোৱাত ৰাইজে বন বিভাগৰ ওপৰত এতিয়া ক্ষোভ উজাৰিছে ৷ বৰ্তমান স্থানীয় বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে ৷ সোণাৰি বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি এই ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় লোকে ৷

উল্লেখ্য যে, বনাঞ্চল সংকোচন তথা খাদ্যৰ অভাৱৰ বাবে বৰ্তমান জনাঞ্চলত উপদ্ৰৱ চলাইছে বনৰীয়া হাতীয়ে ৷ ফলত সৃষ্টি হৈছে হাতী-মানুহৰ সংঘাত ৷ শেহতীয়াকৈ ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ এই সংঘাতে চূড়ান্ত ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷ এই সংঘাতত বিভিন্ন সময়ত মানুহৰ খেতি পথাৰ, শস্যৰ ভঁৰালৰ লগতে সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে ৷ লগতে কোনো কোনো সময়ত বনৰীয়া হাতীৰ আক্ৰমণত নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগাও হৈছে ৷ হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

ইফালে হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক : Man Elephant conflict : কলিয়াবৰত বন্যহস্তীৰ তাণ্ডৱ