Local, Vocal, Global

Amit Shah says CAA will be implemented before 2024 Lok Sabha elections : লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ’ব নাগৰিকত্ব সংশোধনী আইন : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী আইন (CAA)সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণা(Amit Shah says CAA will be implemented before 2024 Lok Sabha elections) ।

শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভা নিৰ্বাচনৰ পূৰ্বেই নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী সন্দৰ্ভত জাননী জাৰি কৰা হ’ব বুলি ঘোষণা কৰে।

সংবাদ সংস্থা ANIৰ তথ্য অনুসৰি অমিত শ্বাহে কয়, “মই স্পষ্টকৈ ক’ব বিচাৰো যে CAA-এ কোনো ব্যক্তিৰ নাগৰিকত্ব কাঢ়ি নিনিয়ে। ইয়াৰ উদ্দেশ্য হৈছে ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হোৱা পাকিস্তানী, আফগান আৰু বাংলাদেশী সংখ্যালঘুসকলকহে নাগৰিকত্ব দিয়া।”

স্মৰ্তব্য যে, নাগৰিকত্ব সংশোধনী আইন গৃহীত হ’লেও এই পৰ্যন্ত এই আইনৰ কোনো ধাৰা তৈয়াৰ কৰা হোৱা নাই। অৱশ্যে জানুৱাৰী মাহত এই আইনৰ ধাৰা তৈয়াৰ কৰাৰ বাবে সপ্তমবাৰৰ বাবে সময়সীমা বৃদ্ধি কৰিছিল সংসদীয় সচিবালয়ে(Will Implement CAA Before 2024 Polls: Amit Shah’s Big Claim)।

উল্লেখ্য যে, ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত দেশজুৰি সৃষ্টি হোৱা ব্যাপক আন্দোলন, প্ৰতিবাদৰ মাজতে গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী আইন। এই আইন অনুসৰি বাংলাদেশ, পাকিস্তান, আফাগানিস্তান আদি দেশত ধৰ্মীয় উৎপীড়নৰ বাবে হিন্দু, বৌদ্ধ, শিখ, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে ভাৰতত আশ্ৰয় বিচাৰিলে তেনে তেওঁলোকক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হ’ব(CAA will be implemented before 2024 elections, says Amit Shah)।

লগতে পঢ়ক : Digboi Man Missing From Arunachal Pradesh Hotel : অৰুণাচলত ৰহস্যজনক ভাৱে নিৰুদ্দেশ অসমৰ যুৱক