Local, Vocal, Global

প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেট খেলুৱৈ হিচাপে ১০,০০০ ৰাণ অতিক্ৰম কৰিলে মিতালী ৰাজে

শুকুৰবাৰে মহিলা ভাৰতীয় ক্ৰিকেট খেলুৱৈ মিতালী ৰাজ  ১০,০০০ আন্তঃৰাষ্ট্ৰীয় ৰাণ সংগ্ৰহ কৰা  প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেট খেলুৱৈ হিচাপে পৰিগণিত হয়৷ বৰ্তমান মিতালী ৰাজ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ টেষ্ট ক্ৰিকেট আৰু এদিনীয়া ক্ৰিকেট দলৰ অধিনায়ক৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা তৃতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত জয় লাভৰ পিছতে এক বিৰল কৃতিত্বৰ অধিকাৰী হৈ পৰে মিতালী ৰাজ ৷

ইয়াৰ আগতেও মিতালী ৰাজ ২০১৮ চনৰ টি-২০ত ২,০০০ ৰাণ অতিক্ৰম কৰা বিশ্বৰ প্ৰথম মহিলা ক্ৰিকেটাৰ আছিল৷