Local, Vocal, Global

মিছন ভূমিপুত্ৰ পৰ্টেল মুকলি মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, ১ আগষ্ট : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত  Mission Bhumiputraপৰ্টেল মুকলি কৰে।

মিছন ভূমিপুত্ৰ আঁচনিয়ে আবেদন কৰাৰ এমাহৰ ভিতৰত শিক্ষাৰ্থীসকলক ডিজিটেল জাতিৰ প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ নিৰ্ধাৰণ কৰিছে।

নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰত যোগ্য ছাত্ৰ-ছাত্ৰীসকলক জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়াটোসম্পূৰ্ণৰূপে অনলাইন ব্যৱস্থাযোগে সম্পাদন কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ। ইয়াৰ বাবে প্ৰস্তুত কৰা bhumiputra.assam.gov.in ৱেবছাইটত আবেদনকাৰী ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেল মাধ্যমেৰে চহী কৰা জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব । ইয়াৰ অধীনত উপায়ুক্তসকলে বিদ্যালয়ৰ মুৰব্বীৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ আবেদন সংগ্ৰহ কৰি এই ৱেব প’ৰ্টেলৰ মাধ্যমেৰে সেইসমূহ প্ৰ’চেছ কৰিব। আনহাতে, ছাত্ৰ-ছাত্ৰীসকলৰ জাতিৰ চিনাক্তকৰণ বা অনুমোদনৰ ক্ষেত্ৰত বিভিন্ন জাতি-জনগোষ্ঠীৰ যিসমূহ সংস্থা আছে সেইসমূহে উপায়ুক্তগৰাকীক সহায় কৰিব।

অনুষ্ঠানত অসম বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰীবিশ্বজিৎ দৈমাৰী,, মাননীয় উপাধ্যক্ষ ডা: নোমল মমিন, সতীৰ্থ মন্ত্রীসকল ডা: ৰণোজ পেগু, শ্ৰীপীযুষ হাজৰীকা, শ্ৰী ইউ জি ব্ৰহ্ম, শ্ৰীঅশোক সিংহল, শ্ৰীজয়ন্ত মল্লবৰুৱা, শ্ৰীনন্দিতা গাৰ্লোছা, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীদেৱোলাল গাৰ্লোছা, মাননীয় মুখ্য সচিব শ্ৰীজিষ্ণু বৰুৱা, কেইবাগৰাকীও মাননীয় বিধায়ককে ধৰি বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী তথা কাৰ্যবাহী সদস্যসকল, অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ, বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ মাননীয় প্ৰতিনিধিবৰ্গ উপস্থিত থাকে ।