Local, Vocal, Global

মধ্য প্ৰদেশৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ১ আগষ্ট : সোমবাৰে মধ্য প্ৰদেশৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত কমেও আঠজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

বাতৰি অনুসৰি, মধ্য প্ৰদেশৰ জবলপুৰৰ দামোহ নাকা অঞ্চলৰ ওচৰৰ নিউ লাইফ মাল্টি-স্পেচিয়েলিটি চিকিৎসালয়ত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

আৰক্ষীয়ে কৈছিল যে বৰ্তমান সময়লৈকে জুইত প্ৰায় পাঁচজন ৰোগী আৰু তিনিজন চিকিৎসালয়ৰ কৰ্মচাৰী নিহত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ উপৰিও, ঘটনাটোত ১২ জনতৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে।

জবলপুৰৰ মুখ্য আৰক্ষী অধীক্ষক অখিলেশ গৌৰে কয়, “এইটো এটা ভয়ংকৰ অগ্নিকাণ্ড আছিল, আৰু আমাৰ দলে চিকিৎসালয়ৰ ভিতৰত আৱদ্ধ হৈ থকা সকলো লোকক উদ্ধাৰ কৰিছিল।”

ইফালে, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় বুলি আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগিছিল বুলি আৰক্ষীয়ে জানিব দিছে।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে দুৰ্ভাগ্যজনক ঘটনাটোত নিহত সকলৰ পৰিয়ালৰ বাবে ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।