Local, Vocal, Global

মৰিয়নিত নিৰুদ্দেশ বিবাহিত মহিলা

মৰিয়নিত  নিৰুদ্দেশ   বিবাহিত মহিলা৷

মৰিয়নী সমষ্টিৰ অন্তৰ্গত নকছাৰি দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত বালিজান বাহবাৰী গাঁওৰ নিবাসী হেমন্ত দাস ৰ পত্নী ২৭ বছৰীয়া ডলী দাস নিজা ঘৰৰপৰা নিৰুদ্দেশ হয় ৷

পৰিয়ালৰ লোকে নগাঁও  কামপুৰৰ পৰা অহা এগৰাকী যুৱকৰ সৈতে ৰেল যোগে ডলী দাস পলায়ন কৰে বুলি জানিবলৈ দিয়ে৷পৰিয়ালটোৱে আৰক্ষীৰ এজাহাৰ প্ৰদান কৰাৰ লগতে সংবাদ মাধ্যমৰ সহায় লৈছে নিৰুদ্দেশ হোৱা মহিলাৰ সন্ধান বিচাৰি ৷

মহিলা গৰাকীৰ স্বামী হেমন্ত দাসক ডলী দাসৰ বান্ধৱীয়ে জানিবলৈ দিয়ামতে ডলী দাস নগাঁও জিলাৰ কামপুৰৰ এগৰাকী পৰপুৰুষৰ সৈতে পলায়ন কৰিছে ৷ স্বামীগৃহ এৰি যোৱাৰ সময়ত ডলী নামৰ মহিলা গৰাকীয়ে  এটি কম বয়সীয়া পুত্ৰ আৰু এগৰাকী ৮ বছৰীয়া কণ্যাক এৰি গুচি যায়  আৰু হেমন্ত দাসৰ সৈতে কোনো সমন্ধ ৰাখিবলৈ ইচ্ছা নকৰে বুলি  জনায় !

এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে