Local, Vocal, Global

এইবাৰ মহিলাই দলবদ্ধ ভাৱে বৰ বৰ আক্ৰমণ এগৰাকী মহিলাক

ডবকাৰ যমুনাগাঁওত এগৰাকী মহিলাক দলবদ্ধ আক্ৰমণ৷

হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত পূৱ যমুনাগাৱত সংগঠিত হৈছে এই মৰ্মান্তিক ঘটনা৷

এদল মহিলাই দলবদ্ধ ভাৱে বৰ বৰ আক্ৰমণ এগৰাকী মহিলাক৷

ঘটনা সংগঠিত  হোৱাৰ পিছত  সমগ্ৰ হোজাই জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷

আক্ৰমণত গুৰতৰ ভাৱে আঘাত প্ৰাপ্ত হয় মহিলা গৰাকী৷

আঘাত প্ৰাপ্ত মহিলা গৰাকীৰ ঘৰ নগাঁওৰ জুৰিয়াত বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে ডবকাৰ যমুনাগাঁওৰ আব্দুৰ  ৰব নামৰ যুৱক এজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মহিলা গৰাকীৰ৷

যুৱক জনে প্ৰেমত প্ৰতাৰণা কৰি কৰ্মসূত্ৰে গুছি যায় চৌদি আৰবলৈ৷ প্ৰায় দুই বছৰকাল চৌদি আৰবত থাকি বৰ্তমান সময়ত নিজ ঘৰত আহে৷ লৰাজন ঘৰত অহাৰ খবৰ পাই যুৱতী  গৰাকীও আহি উপস্থিত হয় যুৱক জনৰ ঘৰত৷ আৰু তাৰ পিছতে এনে পৰিস্থিতিৰ সৃষ্টি হয়৷

 

ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী আৰু দেৱস্থান আৰক্ষী  উপস্থিত হৈ যুৱতী গৰাকীক উদ্ধাৰ কৰাৰ লগতে আক্ৰমণকাৰী এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয়৷

 

সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে অভিযুক্ত আক্ৰমণকাৰীক উচিৎ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনায়৷