Local, Vocal, Global

মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১৬ জুন : আকস্মিক বানপানীৰ মাজতে বৃহস্পতিবাৰে আবেলি গুৱাহাটীৰ Last Gate  অঞ্চলত ৰহস্যজনক পৰিস্থিতিত এজন ৩২ বছৰীয়া ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে।

সূত্ৰঅনুসৰি, লাষ্ট গেট অঞ্চলত অৱস্থিত এটা ভাড়াঘৰৰ পৰা সমীৰ বৈশ্য বুলি চিনাক্ত কৰা ব্যক্তিজনৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছিল।

আনহাতে, পৰিস্থিতিৰ মূল্যাঙ্কন কৰিবলৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় অৱশ্যে তেওঁৰ মৃত্যুৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই। খবৰ অনুসৰি, মৃতব্যক্তিজন গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ কৰ্মচাৰী আছিল।

উল্লেখযোগ্য যে, বুধবাৰেও চহৰখনৰ হাতীগাঁও অঞ্চলৰ এটা এপাৰ্টমেণ্টৰ কমপ্লেক্সত এজন নিৰাপত্তাৰক্ষীক মৃত অৱস্থাত পোৱা গৈছিল।

কুমুদ ৰাভা নামৰ মৃতব্যক্তিজন বকোৰ বাসিন্দা আছিল আৰু অশোক পথত অৱস্থিত Aum Apartmentsৰ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিছিল।

তেওঁৰ মৃতদেহটো ভৱনৰ চৌহদৰ ভিতৰৰ এটা নলাৰ পৰা উদ্ধাৰ কৰা হৈছিল।