Minor abuse Case: বন কৰা মহিলাসহ আটক চিকিৎসক, পলাতক ডাঃ সংগীতা দত্ত
গুৱাহাটী, ৬ মে’: গুৱাহাটী মহানগৰীৰ চেলিব্ৰেটি চিকিৎসক দম্পতীৰ জঘন্য কাণ্ড । ৫ বছৰীয়া তোলনীয়া কণমানি কন্যাৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ ৷ প্ৰখৰ ৰ’দত ঘৰৰ ছাদত বান্ধি থৈ নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শল্য চিকিৎসক ডাঃ ৱালিউল ইছলামক । ইফালে গ্ৰেপ্তাৰ হোৱা ডাঃ ৱালিউল ইছলামৰ অভিযুক্ত পত্নী তথা মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তই সম্প্রতি পলায়ন কৰিছে ।
ইফালে চিকিৎসক দম্পত্তিৰ দ্বাৰা শিশু নিৰ্যাটনৰ এই অমানৱীয় কাণ্ড পোহৰলৈ অহাৰ পাছতে সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এই দুই চিকিৎসকে তেওলোকৰ ৫ বছৰীয়া তোলনীয়া কন্যাক শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ চিকিৎসক দম্পত্তিটোৱে ৫ বছৰীয়া কণমানিজনীক গুৱাহাটীৰ উলুবাৰীস্থিত মণিপুৰীবস্তিৰ তেওঁলোকৰ ঘৰৰ ছাদত প্ৰখৰ ৰ’দত বহুদিন ধৰি বান্ধি নিৰ্যাতন চলাই আহিছিল ৷ যি ঘটনা প্ৰতিবেশীসকলে প্ৰত্যক্ষ কৰি শিশু অধিকাৰকৰ্মীৰ লগতে শিশু সুৰক্ষা আয়োগক অৱগত কৰিছিল ৷ শুকুৰবাৰেও শিশুটিক ৰ’দত বান্ধি থৈ দিয়া অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষী আৰু শিশু সুৰক্ষা আয়োগক খবৰ দিয়ে ।
ঘটনাস্থলীত উপস্থিত পল্টনবজাৰ আৰক্ষীয়ে নিৰ্যাতিত কণমানি শিশুটিক নিজৰ জিম্মালৈ আনি পৰৱৰ্তী সময়ত শিশুটিক চাইল্ড লাইনৰ হাতত গতাই দিয়ে ৷ তাৰ পাছতে আৰক্ষীয়ে নিশাৰ ভাগলৈ আটক কৰে চিকিৎসক দম্পতীক ৷ লগতে ঘটনা সন্দৰ্ভত ঘৰখনৰ এজন কেয়াৰ টেকাৰকো আটক কৰি জেৰা চলাইছে আৰক্ষীয়ে ৷
ইফালে পল্টনবজাৰ থানাৰ আৰক্ষীয়ে আটক কৰা ডাঃ ৱালিউল ইছলামক পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰৰ পাছতেই থানা চৌহদতে অভিযুক্ত চিকিৎসকজনে টেবলেট খাই আত্মহত্যাৰ অপচেষ্টা চলায় । জানিব পৰা মতে চিকিৎসক ৱালিউল ইছলামে একেলগে ১০ টাকৈ টেবলেট খাই আত্মহত্যাৰ চেষ্টা চলাইছিল যদিও আৰক্ষীৰ তৎপৰতাত সেয়া বিফল হয় আৰু পল্টনবজাৰ আৰক্ষীয়ে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ যায় ৷
ইফালে নিশা হোৱা বাবে ডাঃ সংগীতা দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰি তেখেতৰ ঘৰতে একপ্ৰকাৰ গৃহবন্দী কৰি ৰাখিছিল যদিও সুযোগ বুজি ডাঃ সংগীতাই ঘৰৰ পৰা পলায়ন কৰে ।
এহাল চেলিব্ৰেটি চিকিৎসক দম্পতীৰ দ্বাৰা সংঘটিত শিশু নিৰ্যাটনৰ এই বিষয়টোক লৈ শিশু অধিকাৰ কৰ্মী মেগিউল দাস কিউৱে সামাজিক মাধ্যমৰ জৰিয়তে ইতিমধ্যে প্ৰকাশ কৰিছে সবিশেষ । শিশু অধিকাৰ কৰ্মীগৰাকীয়ে আৰক্ষীলৈ আহ্বান জনাই মন্তব্য কৰিছে যে, “বহুদিনৰ পৰাই মোলৈ অভিযোগ আহিছিল এই ডাক্তৰ দম্পত্তিয়ে নিয়মিতভাৱে নিজৰ সৰু ছোৱালীজনীক (যি গৰাকীক মৌখিকভাৱে তুলি লোৱা) এই গৰমৰ দিনত তীব্ৰ ৰ’দত নিজৰ ঘৰৰ চাদত বান্ধি ৰাখে। এই কণমানি ৫ বছৰীয়া ছোৱালী শিশুটিৰো গোটেই শৰীৰত আঘাতৰ চিন আছে ।”
তেখেতে লগতে উল্লেখ কৰে যে, মই ইতিমধ্যে কামৰূপ মেট্ৰ’ৰ শিশু কল্যাণ সমিতিক এই বিষয়টোৰ ওপৰত অনুৰোধ কৰিছিলোঁ ৷ এই ডাক্তৰ দম্পত্তি ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তই সমাজৰ একাংশ প্ৰতিপত্তি তথা প্ৰভাৱশালী লোকৰ সৈতে উঠা-বহা কৰিছিল ৷ তেওঁলোকে ভাবি লৈছিল যে তেওঁলোক আইনৰ পৰিসৰৰ বাহিৰত থাকি বাছি যাব ।
লগতে পঢ়ক: Brutal Murder In Hajo: খুড়াকৰ ডিঙি কাটি হত্যা কৰিলে ভতিজাকে