Local, Vocal, Global

Jammu and Kashmir encounter : সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৫জন জোৱান, অভিযান অব্যাহত

নেশ্যনেল ডেস্ক,৫মে’: জন্মু-কাশ্মীৰত পুনৰ গুলীচালনাৰ ঘটনা(Jammu and Kashmir encounter) । শুকুৰবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত ভাৰতীয় সেনা জোৱান আৰু সন্ত্ৰাসবাদীৰ মাজত সৃষ্টি হয় সংঘৰ্ষ ।দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলিত নিহত হয় পাঁচজনকৈ ভাৰতীয় সেনা জোৱান(Army killed in blast by terrorist) । লগতে আহত হৈছে চাৰিজনকৈ সেনা জোৱান।

চোৰাংচোৱা সূত্ৰৰ পৰা পোৱা তথ্য ভিত্তিত সেনাৰ এটা দলে অভিযান চলাইছিল ৰাজৌৰী খণ্ডৰ এখন বনাঞ্চলত(Army search operation in Jammu Kashmir) । জন্মু-কাশ্মীৰ আৰক্ষী আৰু সেনাই শুকুৰবাৰে পুৱা বনাঞ্চলখনত অভিযান চলোৱাৰ সময়তে সেই স্থানত অৱস্থিত এটা গুহাত উগ্ৰপন্থীৰ উপস্থিতিৰ উমান পাইছিল।

পুৱা ৭ বাজি ৩০ মিনিটত অভিযানত নামি পৰা সেনা আৰু আৰক্ষীৰ দলটোৱে সন্ত্ৰীসবাদীৰ দলটোক কৰায়ত্ত কৰাৰ চেষ্টা চলাইছিল । সেনা বাহিনীৰ এক বিবৃতিত উল্লেখ কৰা অনুসৰি অঞ্চলটো শিলাময় আৰু থিয় শিলৰে আৱৰা আছিল ।অভিযানৰ সময়ত সন্ত্ৰাসবাদী দলটোৱে প্ৰথমে সেনালৈ বুলি গুলীবৰ্ষণ কৰে। প্ৰত্যুত্তৰত সেনাৰ দলটোৱেও সন্ত্ৰাসবাদীৰ দলটোলৈও গুলীবৰ্ষণ কৰে।

এই গুলীয়াগুলীত এজন সেনা বিষয়াৰ লগতে চাৰিজন জোৱান নিহত হয়। নিহত আটাইকে নিকটৱৰ্তী উধমপুৰৰ কমাণ্ড হস্পিটেললৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয় । সেনাৰ এক বিবৃৰ্তি প্ৰকাশ পোৱা অনুসৰি সন্ত্ৰাসবাদীৰ দলটোৱে আক্ৰমণৰ সময়ত বহু শক্তিশালী বিস্ফোৰক ব্যৱহাৰৰ কৰিছিল ।

শেহতীয়াকৈ পোৱা তথ্য অনুসৰি,বৰ্তমানেও অঞ্চলটোত আৱদ্ধ হৈ আছে সন্ত্ৰাসবাদীৰ দলটো । সন্ত্ৰাসবাদী আৰু সেনাৰ এই সংঘৰ্ষত সন্ত্ৰাসবাদী দলৰ সদস্যও হতাহত হোৱাৰ সম্ভাৱনা আছে । সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি সন্ত্ৰাসবাদী দলটোৰ বিৰুদ্ধে বৰ্তমানেও ভাৰতীয় সেনাই অভিযান অব্যাহত ৰাখিছে(Army operation to flush out terrorists) । উল্লেখ্য যে বিগত ৩ দিনত সংঘটিত হোৱা এইটো হৈছে তৃতীয়টো গুলীয়াগুলীৰ ঘটনা ।

লগতে পঢ়ক : Manipur violence: ভাৰতীয় সেনাই জনালে, পৰিস্থিতি নিয়ন্ত্ৰণাধীন; বাতিল হৈছে ৪খন ৰে’ল