Local, Vocal, Global

Disclosing minor rape victims identity: যৌন নির্যাতনৰ বলি শিশুৰ পৰিচয় প্রকাশৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী

গুৱাহাটী, ৬ মে’: শেহতীয়াকৈ অসম আৰক্ষীয়ে যৌন নির্যাতনৰ বলি শিশু তথা তেনে শিশুৰ পৰিয়ালৰ পৰিচয় প্ৰকাশ কৰাৰ সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰিছে । যৌন নির্যাতনৰ বলি হোৱা শিশুৰ পৰিচয়ৰ লগতে তেওঁৰ পৰিয়ালৰো সম্পূর্ণ পৰিচয় সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত সততেই প্ৰচাৰ হৈ অহা বিষয়টোক লৈ অসম আৰক্ষী বাৰুকৈয়ে চিন্তিত হৈ পৰিছে । যাৰ‌ বাবে অসম আৰক্ষীয়ে এক কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈ বাধ্য হৈছে ।

উল্লেখযোগ্য যে শেহতীয়াকৈ মাৰ্ঘেৰিটাত যৌন নির্যাতনৰ বলি হৈ মৃত্যু বৰণ কৰা (Margherita Rape and murder case) এটি শিশুৰ সবিশেষ ৰাজ্যৰ একাংশ সংবাদ মাধ্যমত উপর্যুপৰি সম্প্ৰচাৰ কৰি পৰিলক্ষিত হৈছে । বিভিন্ন মাধ্যম বিশেষকৈ সংবাদ মাধ্যমৰ এই কাৰ্যত বিৰক্ত হৈ শুকুৰবাৰে নিশা অসম আৰক্ষীয়ে এক সতর্কতা জাৰি কৰিছে ।

অসম আৰক্ষীয়ে জাৰি কৰা সতর্কতাটোত পকচো আইনৰ ২৩ (২) ধাৰাৰ উদ্ধৃতি দি উল্লেখ কৰা হৈছে যে, এই কঠোৰ আইনত উল্লেখিত ২৩ (২) ধাৰা অনুসৰি যৌন নির্যাতনৰ বলি হোৱা কোনো শিশুৰ পৰিচয় অর্থাৎ নাম, ঠিকনা, ফটো, পৰিয়ালৰ সবিশেষ, অধ্যয়নৰত বিদ্যালয়ৰ নাম, চুবুৰীয়া অঞ্চল বা অন্য কোনো তথ্যৰ সবিশেষ প্ৰকাশ কৰাটো আইনবিৰোধী (Disclosure of identity of the victim child) ।

এই আইনৰ অধীনত যৌন নির্যাতনৰ বলি হোৱা শিশুৰ কেৱল নাম প্রকাশ কৰাটোৱেই নিষিদ্ধ নহয়, সংবাদ মাধ্যমে শিশুটি সম্পর্কীয় এনে কোনো তথ্যই প্রকাশ কৰিব নোৱাৰে, যাৰ জৰিয়তে নিৰ্যাতনৰ বলি হোৱা শিশুটোৰ পৰিচয় ফাদিল হ’ব পাৰে (Assam Police Tweet) । এনে কঠোৰ বিধি-বিধান থকা সত্ত্বেও ৰাজ্যখনত একাংশ সংবাদ মাধ্যমে যৌন নির্যাতনৰ বলি হোৱা শিশুৰ নাম-ঠিকনা প্ৰকাশ কৰাই নহয়, শিশুটিৰ বিভিন্ন দিশ সম্প্ৰচাৰ কৰি আহিছে ।

লক্ষনীয় যে, এনেধৰণ ঘটনা পূৰ্বতেও বিভিন্ন সময়ত সংঘটিত হৈ আহিছে । যদিও অসম আৰক্ষীয়ে এই ক্ষেত্ৰত বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্রহণ কৰা নাই ; কিন্তু শেহতীয়া এই বিষয়টোৰ ওপৰত এতিয়াৰ পৰা চোকা দৃষ্টি ৰাখিব । ইতিমধ্যে অসম আৰক্ষীৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে আৰক্ষীয়ে এই প্ৰসংগত কঠোৰ হৈ সতর্কতা জাৰি কৰিছে ।

লগতে পঢ়ক : Margherita rape case:ফাষ্ট ট্ৰেক আদালতত চলিব ধৰ্ষণকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া