গুৱাহাটীৰ দৰেই দেশৰ ২৫টা বিমান বন্দৰ ব্যক্তিগত খণ্ডক গটাব মোদী চৰকাৰে

গুৱাহাটীৰ দৰেই দেশৰ প্ৰায় ২৫ টা বিমান বন্দৰ ব্যক্তিগত খণ্ডৰ হাতলৈ যাব৷ নৰেন্দ্ৰ মোদী চৰকাৰে অহা তিনি বছৰত দেশৰ আৰু ২৫ টা বিমানবন্দৰ ব্যক্তিগত খণ্ডক লীজত দিব। অসামৰিক বিমান পৰিবহন ৰাজ্যিক মন্ত্ৰী ভি কে সিঙে সোমবাৰে সংসদত এটা প্ৰশ্নৰ উত্তৰত এই কথা কয়।
২০২২ ৰ পৰা ২০২৫ চনৰ ভিতৰত ২৫ টা বিমানবন্দৰ লীজত দিয়াৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ‘ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ পাইপলাইন’ নীতি অনুসৰি লোৱা হৈছে৷ এই কথা অসামৰিক বিমান পৰিবহন ৰাজ্যমন্ত্ৰীয়ে ৰাজ্যসভাত কয়। তালিকাখনত বাৰাণসী, ভুৱনেশ্বৰ, অমৃতসৰ, ত্ৰিচি, ইন্দোৰ, ৰায়পুৰ, কালিকট, বৰোদা আৰু চেন্নাইৰ দৰে বিমানবন্দৰৰ নাম অন্তৰ্ভুক্ত আছে।
২০২১ চনৰ আগষ্ট মাহত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ‘ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ পাইপলাইন’ নীতি ঘোষণা কৰি কৈছিল যে ভাৰতৰ ৰাজ্যিক মালিকানাধীন খণ্ডত বৃহৎ আন্তঃগাঁথনি সম্পদ আছে। কেৱল বিমানবন্দৰেই নহয়, ভূগৰ্ভস্থ তাঁৰ, বিশাল চৰকাৰী ভৱন, গেছ লাইন, সৌৰ শক্তি আন্তঃগাঁথনি, ৰে’ললাইন৷ এনে বহু আন্তঃগাঁথনি সম্পদ হয় অব্যৱহৃত হৈ আছে বা নিৰ্বিচাৰভাৱে ব্যৱহাৰ কৰা হৈছে। দেশৰ উন্নয়নৰ বাবে এই সম্পদসমূহ ব্যৱহাৰ কৰিবলৈ বেচৰকাৰী সংগঠনসমূহৰ সহায় ল’ব।
কেন্দ্ৰই ইতিমধ্যে দিল্লীকে ধৰি দেশৰ আঠটা বিমানবন্দৰৰ আন্তঃগাঁথনি আৰু পৰিচালনাৰ বাবে পি মডেল অনুসৰণ কৰি আছে। কেৰালাৰ বাওঁমৰ্চা চৰকাৰেও আদানি গোটক তিৰুৱন্তপুৰম বিমানবন্দৰ লীজত দিয়াৰ কেন্দ্ৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ গৈছিল।