Local, Vocal, Global

মন্ত্ৰীপদৰ বাবে বিবেচিত নহল বিদায়ী কেবিনেটৰ কেইবাগৰাকী মন্ত্ৰী

পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিদায়ী মন্ত্ৰীসভাখনৰ কেইজনমান মন্ত্ৰীয়ে নিৰ্বাচনত পৰাজিত হোৱাৰ বাবে মন্ত্ৰিত্ব লাভৰ পৰা বঞ্চিত হয়, আন কেইজন নিৰ্বাচনত জয়লাভ কৰিও মন্ত্ৰীসভাত স্থান লাভ কৰিবলৈ সক্ষম নহল।পূৰ্বৰ চৰকাৰখনৰ শেষ পৰ্যায়ত মন্ত্ৰীসভা সালসলনি হোৱাত ৰাজ্যিক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হোৱা তিনিচুকীয়া সমস্টিৰ বিজেপি বিধায়ক সজ্ঞয় কিষাণ আৰু মাহমৰা সমস্টিৰ বিজেপি বিধায়ক যোগেন মহনে এইবাৰ কেবিনেট মৰ্যাদা লাভ কৰে। আনফালে নিৰ্বাচনত জয়লাভ কৰাৰ পিছতো মন্ত্ৰীসভাত স্থান নাপালে ৰাজ্যিক বিজেপিৰ দুই প্ৰাক্তন সভাপতি পূৰ্বৰ মন্ত্ৰীসভাত কেবিনেট মৰ্য্যদা লাভ কৰা ৰজ্ঞিত দত্ত আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য। আনফালে সোণোৱাল মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে থকা অগপ আৰু বিজেপি দুই নেতা ফণীভূষণ চৌধুৰী আৰু ছুম ৰংহাঙৰ লগতে দুই ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলে আৰু ভৱেশ কলিতায়ো নাপালে মন্ত্ৰিত্ব। ছুম ৰংহাঙ বিজেপিৰ পৰা টিকট নোপোৱাত তেঁও কংগ্ৰেছত যোগদান কৰে যদিও নিৰ্বাচন প্ৰতিদ্বন্দিতাত জয়লাভ কৰিবলৈ সক্ষম নহল।ৰজ্ঞিত দত্ত আৰু নৱ কুমাৰ দলে সলনি এই বাৰ মন্ত্ৰী সভাত স্থান লাভ কৰিবলৈ সক্ষম হ’ল ডাঃ ৰনোজ পেগু আৰু অশোক সিংঘাল। ইয়াৰ ওপৰিও মন্ত্ৰী সভাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা থকা বিজেপি নেতা কেইজন হ’ল পদ্ম হাজৰিকা,হিতেন্দ নাথ গোস্বামী, বিশ্বজিৎ দৈমাৰী,প্ৰশান্ত ফুকন, বিদ্যাছিং ইংলেং,ডাঃ নোমল মমিন,ইউ পি পি এলৰ নেতা গোবিন্দ বসুমতাৰী।কালি মুখ্যমন্ত্ৰী সহ ১৪জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিলে।মন্ত্ৰী সভাত আৰু পাঁচ জন সদস্য অন্তৰ্ভুক্ত হব পাৰিব।এই ৫ জন সৌভাগ্যৱান বিধায়ক কোন হব,সেইটো সময়ত স্পস্ট হব।