Local, Vocal, Global

Minister resigns after BJP loses : পীযুষ হাজৰীকাই পদত্যাগ নকৰিলেও এইখন দেশৰে ৰাজস্থানত কিন্তু দেখা হৈছে ইয়াৰ অনুৰূপ দৃশ্য

নিউজ ডেস্ক,৬ জুলাইঃ ৰুডী লাল মীনাই ৰাজস্থানৰ সাতটা লোকসভা সমষ্টিৰ দায়িত্বত আছিল আৰু তাৰ ভিতৰত দাউছা লোকসভা সমষ্টিত বিজেপি পৰাজিত হোৱা বাবে নিৰ্বাচনী প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি মন্ত্ৰী পদ ত্যাগ কৰিলেও অসমৰ ৰাজনীতিত এনে উদাহৰণ এতিয়াও একপ্ৰকাৰ বিৰল।

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পিযুষ হাজৰিকা যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈ জয়ী হ’লে নিৰ্বাচন পদত্যাগ কৰিম বুলি ঘোষণা কৰাৰ পৰবৰ্তী সময়ত পদত্যাগ নকৰিলেও এইখন দেশৰে ৰাজস্থানত কিন্তু ইয়াৰ অনুৰূপ দৃশ্য দেখা হৈছে।নিৰ্বাচনৰ ফলাফলৰ পিছতে এগৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰি দেশৰ ৰাজনীতিত এক নজিৰ প্ৰতিষ্ঠা কৰিছে।মন্ত্ৰী গৰাকী হৈছে ৰাজস্থানৰ বিজেপি চৰকাৰৰ কৃষি বিভাগৰ কেবিনেট মন্ত্ৰী কিৰুডী লাল মীনা। (The minister is Kirudi Lal Meena, cabinet minister for agriculture in the BJP government in Rajasthan.) ৰাজ্যসভাৰ সাংসদ ,দুটা কাৰ্যকালৰ লোকসভাৰ সাংসদ আৰু পাঁচটা কাৰ্যকালৰ বিধায়ক কিৰুডী লাল মীনা পূৱ ৰাজস্থানৰ সাতটা লোকসভা সমষ্টিৰ দ্বায়িত্বত আছিল। (Rajya Sabha MP Kirudi Lal Meena, a two-term Lok Sabha MP and a five-term MLA, was in charge of seven Lok Sabha constituencies in eastern Rajasthan.)

সাতটা লোকসভা সমষ্টিৰ ভিতৰত দাউছা লোকসভা সমষ্টিত বিজেপি পৰাজিত হ’লে মন্ত্ৰীত্ব ত্যাগ কৰিব বুলি নিৰ্বাচনী প্ৰচাৰত ৰাজহুৱা ঘোষণা কৰিছিল বিজেপিৰ ৭২ বছৰীয়া জেষ্ঠ নেতাগৰাকীয়ে।নিৰ্বাচনী প্ৰচাৰত দিয়া এই প্ৰতিশ্ৰুতি অনুসৰি য়ে ৰাজস্থানৰ দাউছা লোকসভা সমষ্টিত বিজেপি পৰাজিত হোৱা বাবে নৈতিক দায়িত্ব মূৰ পাতি লৈ ৰাজস্থানৰ কৃষি মন্ত্ৰী তথা জেষ্ঠ বিজেপি নেতা কিৰুডী লাল মীনাই কেবিনেট মন্ত্ৰী পদ ত্যাগ কৰে।

লগতে পঢ়কঃ Poor condition of road : জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক