Local, Vocal, Global

Progress of JJM and Swachh Bharat Mission: ডিমা হাছাও জিলাত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ ওপৰত পৰ্যালোচনা সভা

ডিমা হাছাও জিলাত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ ওপৰত পৰ্যালোচনা সভা

হাফলং, ১৪ জুলাই: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ আঁচনি জল জীৱন মিছন । জল জীৱন মিছন আচঁনিৰ জড়িয়তে অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ ৰ ভিতৰত পাব বিশুদ্ধ খোৱা পানী । এই জল জীৱন মিছনৰ জড়িয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ পৰিকল্পনাৰে বৰ্তমানলৈকে ৰাজ্যখনত আধাতকৈও অধিক পৰিয়ালৰ বাসগৃহত পানী যোগানৰ পাইপ সংযোগ কৰিছে(Progress of JJM and Swachh Bharat Mission) ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ডিমা হাছাও জিলাত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ কামৰ শেহতীয়া অগ্ৰগতিৰ সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উপস্থিত হয় ডিমা হাছাওত। আৰু ইয়াক লৈ শুকুৰবাৰে আয়োজিত এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা জিলা জল আৰু স্বচ্ছতা অভিযান(DWSM)ৰ সকলো বিষয়াৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰি উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত পৰিষদ এলেকাত জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানৰ আঁচনিসমূহ ৰূপায়নৰ বিস্তৃত আলোচনা কৰে ।

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে খোৱাপানীৰ অভাৱত জর্জৰিত জিলাখনত আঁচনিসমূহ সম্পূর্ণভাৱে ৰূপায়ন কৰাৰ ক্ষেত্রত আহি পৰা বিভিন্ন সমস্যা আৰু তাৰ সমাধানৰ বাবে আঁচনি আৰু পদক্ষেপসমূহৰ পর্যালোচনা কৰি এক নির্দিষ্ট সময়ৰ ভিতৰত কাম সম্পূর্ণ কৰাৰ নির্দেশ দিয়ে। যাতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ এই অভিলাষী আঁচনি অনুসৰি গ্ৰাম্যাঞ্চলৰ সমগ্র জনসাধাৰণে নল যোগে বিশুদ্ধ খোৱা পানী লাভ কৰিব পাৰে।

উল্লেখ্য যে, উক্ত বিষয়ত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকাীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ডিমা হাছাও জিলাৰ প্ৰতিটো ঘৰতেই বিশুদ্ধ পানী যোগান ধৰাৰ কাৰণে আগবঢ়োৱা অভূতপূৰ্ব অৱদানৰ কাৰণে ধন্যবাদ জনায়।

ইয়াৰোপৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে,মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হাফলং চহৰৰ কাৰণে গ্ৰহণ কৰা AMRUT আঁচনিৰ জৰিয়তে চহৰখনৰ নগৰীয়া খোৱাপানীৰ ব্যৱস্থা অতি সঠিক ৰূপত পৰিচালিত হৈ আছে। তেওঁ লগতে কয় যে ডিমা হাছাও জিলাই অসমৰ একমাত্ৰ জিলা হিচাপে ODF plus সন্মান লাভ কৰি খুব সুন্দৰ ভাৱে চাফ-চিকুনতাৰ ক্ষেত্ৰত এক বিশেষ ছবি দাঙি ধৰিছে।

পাৰ্বত্য জিলাসমূহত পৰিবহন আদি সকলো বাধা নেওচি ২০২৪ চনত ভিতৰত প্ৰতিটো ঘৰতেই বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ পূৰ্ণগতিত কাম চলি থকা বুলিও মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে। তেওঁ লগতে স্বায়ত্ত শাসিত পৰিষদৰ সদস্যসকলক নিজৰ নিজৰ ক্ষেত্ৰত জনসাধাৰণৰ খোৱা পানীৰ সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আৰু অধিক আগ্ৰহেৰে কামবোৰ আগুৱাই লৈ যাবলৈ অনুৰোধ জনায়।

শুকুৰবাৰৰ এই বৈঠকত মন্ত্ৰী নন্দিতা গার্লোছা, সাংসদ শ্রীহৰেন সিং বে’, উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোছা, কার্যবাহী সদস্যসকলৰ লগতে সদস্যসকলো উপস্থিতি থাকে।

উল্লেখ্য যে, জল জীৱন মিছনে দেশৰ প্ৰান্তে প্ৰান্তে অগ্ৰগতি লাভ কৰাৰ সমান্তৰালকৈ অসম চৰকাৰেও জে এম এমৰ অধীনত ৪০ হাজাৰ বিদ্যালয় আৰু ৩২ হাজাৰ অংগনবাড়ী কেন্দ্ৰত টেপৰ পানীৰ সংযোগ কৰিছে ।

কেইদিনমান পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাই নলবাৰীত আয়োজিত এখন সভাত এই কথা উল্লেখ কৰাৰ লগতে কৈছিল, “অসম চৰকাৰে ৪৪ হাজাৰ বিদ্যালয়লৈ টেপৰ পানীৰ সংযোগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল আৰু এতিয়ালৈকে জে জে এমৰ অধীনত ৪০ হাজাৰ বিদ্যালয়ক টেপৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে । আনহাতে ৩৬ হাজাৰ অংগনবাড়ী কেন্দ্ৰৰ ভিতৰত ৩২ হাজাৰ বিদ্যালয়ত টেপৰ পানীৰ সংযোগ প্ৰদানৰ লক্ষ্য বান্ধি লোৱা হৈছে।”