Local, Vocal, Global

Mission Chandrayaan 3: ভাৰতবাসীৰ বাবে ঐতিহাসিক দিন, চন্দ্ৰ অভিমুখে ৰাওনা চন্দ্ৰযান-৩

নিউজ ডেস্ক, ১৪জুলাই : ভাৰতবাসীৰ বাবে এটা ঐতিহাসিক দিন । আজিৰ দিনটেোত ইছৰোয়ে উৎক্ষেপণ কৰিলে চন্দ্ৰযান-৩ । অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটস্থিত সতীশ ধৱন স্পেছ চেষ্টাৰৰ পৰা উৎক্ষেপণ কৰা হয় (Chandrayaan 3 Launch) ৷ চন্দ্ৰত সুৰক্ষিত অৱতৰণ হৈছে চন্দ্ৰযান-৩ৰ প্ৰধান লক্ষ্য । কিন্তু চন্দ্ৰত অৱতৰণ কৰোতে ১মাহতকৈ অধিক সময় লাগিব চন্দ্ৰযান-৩ ।

২৩আগষ্টৰ পৰা ২৪আগষ্টত চন্দ্ৰযান-৩য়ে চন্দ্ৰপৃষ্ঠাত অৱতৰণ কৰাৰ সম্ভাৱনা আছে । ৬১৫কোটি টকাৰ বিনিময়ত নিৰ্মাণ হৈ উঠা চন্দ্ৰযান-৩ অভিযানৰ প্ৰায় ৫০ দিনৰ পাছত চন্দ্ৰমাৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব । চন্দ্ৰযান-৩ অভিযানৰ তিনিটা উদ্দেশ্য আছে। উদ্দেশ্য হৈছে, চন্দ্ৰপৃষ্ঠত সুৰক্ষিত আৰু ছফ্ট লেণ্ডিঙৰ বাবে ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰা, চন্দ্ৰত ৰোভাৰ চলাচল কৰা আৰু ইন-চিটু বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰা । প্ৰথমবাৰৰ বাবে, ভাৰতৰ চন্দ্ৰযান চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব, য’ত পানীৰ চিহ্ন পোৱা গৈছিল (Chandrayaan 3 mission accomplished as satellite enters precise orbit successfully)।

২০০৮ চনৰ ২২ অক্টোবৰত ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযানৰ সময়ত কৰা আৱিষ্কাৰে বিশ্বক আচৰিত কৰি তুলিছিল।কিন্তু প্ৰায় এবছৰ কাৰিকৰী অসুবিধা আৰু পৰৱৰ্তী সম্পৰ্ক বিফলতাৰ সৈতে যুঁজ দিয়াৰ পিছত ২০০৯ চনত ইছৰোৰ দ্বাৰা এই অভিযান আনুষ্ঠানিকভাৱে বিফল বুলি গণ্য কৰা হয় ।

এইটো চন্দ্ৰলৈ ভাৰতৰ তৃতীয়টো অভিযান। ইয়াৰ পূৰ্বে চন্দ্ৰযান-২, ২০১৯ চনৰ ২২ জুলাইত উৎক্ষেপণ কৰা হৈছিল। কিন্তু ৬-৭ ছেপ্টেম্বৰত বিক্ৰম লেণ্ডাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল ।২০১৯ চনত চন্দ্ৰ অভিযানৰ প্ৰচেষ্টা বিফল হোৱাৰ পাছত ইছৰোৱে এই অভিযান সফল হ’ব বুলি আশা কৰিছে ।

‘চন্দ্ৰযান-৩’ প্ৰেৰণ কৰিবলৈ এলভিএম-৩ লঞ্চাৰ ব্যৱহাৰ কৰা হৈছে। ইয়াক আগতে জিএছএলভি এমকে-৩ বুলি জনা গৈছিল। এই ৰকেটৰ সৈতে মহাকাশ সংস্থা ইছৰোৱে চন্দ্ৰযান-২ উৎক্ষেপণ কৰিছিল।

চন্দ্ৰযান-৩ অভিযানৰ অধীনত, বিজ্ঞানীসকলে চন্দ্ৰৰ মাটি বিশ্লেষণ কৰিব, চন্দ্ৰপৃষ্ঠৰ চাৰিওফালে ঘূৰিব, চন্দ্ৰসম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ তথ্য বিচাৰি উলিয়াব বুলি আশা কৰিছে। এইবাৰৰ এই অভিযান সফল হ’ব বুলি বিজ্ঞানীসকলে আশা কৰিছে। ইছৰোৱে এই অভিযান সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হয়, তেন্তে ভাৰতে এই সফলতা অৰ্জন কৰা চতুৰ্থখন ৰাষ্ট্ৰ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ পিচত এক বিশেষ তালিকাত অৰ্ন্তভূক্ত হ’ব ।

লগতে পঢ়ক : Justices Ujjal Bhuyan : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ অসম সন্তান উজ্জ্বল ভূঞাৰ