Local, Vocal, Global

Mahatma Gandhi Antarashtriya Hindi Vishwavidyalaya : অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগ আৰু মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় হিন্দী বিশ্ববিদ্যালয়ৰ মাজত আনুষ্ঠানিক ভাৱে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

গুৱাহাটী, ১৪জুলাই : দেশৰ এখন অন্যতম আগশাৰীৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় হিন্দী বিশ্ববিদ্যালয় (Mahatma Gandhi Antarashtriya Hindi Vishwavidyalaya)ৰ এটা চৌহদ অসমত স্থাপন কৰাৰ বাবে আজি বিশ্ববিদ্যালয়খনৰ সৈতে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে (The Higher Education Assam signed an MoU today with MGAHV Central University to establish a campus in Assam)।

বৰ্তমান অসম টেক্সটাইল ইনষ্টিটিউটৰ চৌহদৰ পৰাই অস্থায়ীভাৱে শিক্ষানুষ্ঠান খনে কাম-কাজ পৰিচালনা কৰাৰ লগতে উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত হিন্দী আৰু অন্যান্য ভাৰতীয় ভাষাৰ প্ৰচাৰ-প্ৰসাৰ আৰু গৱেষণাৰ সু-ব্যৱস্থাৰ প্ৰয়াস কৰিব(MGAHV)। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ৰজনীশ কুমাৰ শুক্লাই ঘোষণা কৰে যে MGAHV-ৰ অসম চৌহদে ৰাজ্যখনত অসমীয়া মাধ্যমত এটা গণ সংযোগৰ পাঠ্যক্ৰম আৰম্ভ কৰিব। ইয়াৰ লগতে বিশ্ববিদ্যালয়খনৰ ভাষা প্ৰযুক্তি বিভাগে অসমীয়াৰ লগতে বিভিন্ন ভাৰতীয় ভাষাত কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence)ব্যৱহাৰৰ ক্ষেত্ৰতো আগ ভাগ ল’ব।

এই অনুষ্ঠানৰ পিছতে একেটা স্থানতে উচ্চ শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত প্ৰধান মন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান (PM-USHA)ৰ অধীনত পুঁজিৰ প্ৰস্তাৱৰ প্ৰস্তুতিৰ বাবে সজাগতা সভাত উপস্থিত ৰাজ্যখনৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰবক্তা সকলক উদ্দেশ্যে প্ৰদান কৰা ভাষণ প্ৰসংগত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই ঊল্লেখ কৰে যে, নাকৰ মূল্যায়নত আমাৰ যি সমূহ মহাবিদ্যালয় পিছপৰি আছে সেই শিক্ষানুষ্ঠান সমূহে তেওঁলোকৰ ঋণাত্মক দিশ সমূহৰ উপৰত কাম কৰিব লাগিব(MGAHV)।

ডাঃ ৰণোজ পেগুই কয় যে, প্ৰতিখন মহাবিদ্যালয়ে ৩০০০ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা আগত ৰাখি ভবিষ্যতৰ বাবে আগবাঢ়িব লাগিব। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান সময়ত ডাতা এনালাইচিছ অতি গুৰুত্বপূৰ্ণ সেয়েহে নতুন শিক্ষা নীতি প্ৰৱৰ্তন আৰু সফলতাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ common database আৰু unique roll no অপৰিহাৰ্য্য । এই ক্ষেত্ৰত তেওঁ প্ৰতিখন মহাবিদ্যালয়ক samarth ত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আগুৱাই নিবলৈ আহ্বান জনাই।

মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে আমাৰ ভাল কামে আনক প্ৰেৰণা যোগাই সেয়েহে মহাবিদ্যালয় সমূহে তেওঁলোকে কৰি থকা কাম সমূহ সামাজিক মাধ্যমৰ দ্বাৰা ৰাইজক অৱগত কৰিবলৈ কয়। এই দুয়োটা অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড ননিগোপাল মহন্ত, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ন কোঁৱৰ, কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালক ধ্ৰৱজ্যোতি বৰা উপস্থিত থাকে।

লগতে পঢ়ক : Progress of JJM and Swachh Bharat Mission: ডিমা হাছাও জিলাত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ ওপৰত পৰ্যালোচনা সভা