Local, Vocal, Global

Sikkim Accident: নিয়ন্ত্ৰণ হেৰুৱাই গাখীৰৰ টেংকাৰ সোমালে মেলাত,নিহত আৰক্ষীসহ তিনিজন,আহত ২০

নেশ্যনেল ডেস্ক, ১১ ফেব্ৰুৱাৰী : নিয়ন্ত্ৰণ হেৰুৱাই গাখীৰ ভৰ্তি টেংকাৰ সোমালে মেলাত । ফলত আৰক্ষীসহ নিহত তিনিজন(Sikkim Accident) ।

শনিবাৰে নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । শনিবাৰে নিশা ছিকিমৰ ৰাণীপুল অঞ্চলত ছিকিম মিল্ক ইউনিয়নৰ এখন গাখীৰ টেংকাৰে নিয়ন্ত্ৰণ হেৰুৱাই মেলাত প্ৰৱেশ কৰে ফলত এজন আৰক্ষী বিষয়াকে ধৰি তিনিজন লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাজনো(3 killed, 20 hurt as milk truck hits cars at Sikkim fair)।

জানিব পৰা মতে, গাড়ীৰ চকাৰ তলত পৰি মৃত্যু হয় তিনিওজনৰ । ইফালে এই ঘটনাত শ শ লোক আহত হয় বুলিও জানিব পৰা হৈছে ৷ আহতসকলৰ ভিতৰত ২০ জন লোকৰ অৱস্থা সংকটজনক ।

উল্লেখ্য যে, ছিকিমৰ ৰাণীপুলৰ সমীপৰ এখন খেলপথাৰত অনুষ্ঠিত হৈছিল টেম্বোলা মেলা । সেই সময়তে শিলিগুৰি অভিমুখে গৈ থকা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে ৰখাই থোৱা তিনিখন সৰু চাৰিচকীয়া বাহনত খুন্দা মাৰে আৰু তাৰ পাছত মেলাৰ ভিতৰত প্ৰৱেশ কৰে । শনিবাৰে নিশা প্ৰায় ৮ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো(3 dead, 20 injured as milk truck crashes into multiple cars at Sikkim fair) ।

এই ঘটনাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান চলাই । আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ মণিপাল চিকিৎসালয় লৈ প্ৰেৰণ কৰে ।

অৱশ্যে বৰ্তমানলৈ জানিব পৰা হোৱা নাই টেংকাৰখনে নিয়ন্ত্ৰণ হেৰুৱাৰ আঁৰৰ কাৰণ । সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Arms Seized in Manipur : মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ