Local, Vocal, Global

Arms Seized in Manipur : মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ

নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰী : অশান্ত মণিপুৰত অবৈধ অস্ত্ৰ শস্ত্ৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ অভিযান । অভিযানত উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ(Arms, ammo seized in Manipur) ।

অব্য়াহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ অস্ত্ৰ শস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ অভিযান । অভিযান পাহাৰ আৰু সমতল অঞ্চলৰ নিয়ন্ত্ৰণৰ বাবে । অভিযানত থৌবাল জিলাৰ পৰা উদ্ধাৰ বহু অস্ত্ৰ, শস্ত্ৰ ।এই অভিযানৰ সময়ত জব্দ হোৱা অবৈধ মাৰনাস্ত্ৰ সমূহ ক্ৰমে ৫ টা ২ইঞ্চিৰ মৰ্টাৰ শ্বেল, ৫ টা এইছ ই-৩৬ হেণ্ড গ্ৰেণেড, এটা টিয়েৰ স্ম’ক গ্ৰেণেড, এটা টিয়েৰ স্ম’ক শ্বেল, ২টা টিয়েৰ স্ম’ক শ্বেল ছফ্ট ন’জ (এছ আৰ), এটা ২৮ এম এম ৰাবাৰ কাৰ্টিজ, এটা দেশত নিৰ্মিত মৰ্টাৰ শ্বেল, এটা ২টা মেগজিনৰ সৈতে টা ৯ এম এম চি এম জি, এটা মেগজিনৰ সৈতে ৭.৬৫ এম এম পিষ্টল, এটা ৰিভলভাৰ (দেশত নিৰ্মিত), এটা এয়াৰ গান আৰু এটা এইছ টি আৰ এফ ৱাকি টকী(Arms Seized in Manipur)।

আনহাতে চূড়াচান্দপুৰ জিলাৰ পৰা উদ্ধাৰ হৈছে এটা টিয়েৰ গেছ গান, মেগজিনৰ সৈতে দুটা দেশত নিৰ্মিত ৯ এম এম পিষ্টল, ৬ টা এছ বি বি এল গান, ৪ টা ইম্প্ৰছিভ মৰ্টাৰ (পাম্পি গান)।

লগতে পঢ়ক : Drugs Peddler Arrested : হাইলাকান্দিত ড্ৰাগছসহ আটক তিনি সৰবৰাহকাৰী