Local, Vocal, Global

জম্মু-কাশ্মীৰত পুনৰ উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ

নিউজ ডেস্ক, ১ ছেপ্তেম্বৰ : বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ বাৰামুলা (Baramulla) জিলাৰ Sopore অঞ্চলত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত Jaish-e-Mohammedৰ (JeM) নিষিদ্ধ দুজন কেডাৰ নিহত হয়।

নিহত উগ্ৰপন্থীসকলক Soporeৰ বাসিন্দা মহম্মদ ৰফি আৰু পুলৱামাৰ বাসিন্দা কাইজাৰ আশ্ৰাফ বুলি চিনাক্ত কৰা হৈছে।

জম্মু-কাশ্মীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ADGP) কাশ্মীৰ ভি কুমাৰে (Kashmir V Kumar) কয় “নিহত JeM সন্ত্ৰাসবাদীসকলক সোপোৰৰ মহম্মদ ৰফি আৰু পুলৱামাৰ কাইজাৰ আশ্ৰাফ বুলি চিনাক্ত কৰা হৈছিল। ৰফিকৰ বিৰুদ্ধে পূৰ্বে দুবাৰ PSAৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। দুয়োজন কেইবাটাও সন্ত্ৰাসবাদী অপৰাধৰ গোচৰত জড়িত আছিল। খবৰ অনুসৰি, তেওঁলোকে সোপোৰত সাধাৰণ লোকক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰি আছিল”।